Rass mahotsav in Baithalangso : দ্বিতীয় বৃন্দাবনত পৰিণত বৈঠালাংছʼৰ ৰাস মহোৎসৱস্থলী

author img

By

Published : Nov 27, 2021, 1:56 PM IST

Rash Mahotsav celebrated in Baithalangso

দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙৰ বৈঠালাংছʼত অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ(Rass mahotsav in Baithalangso) । বৈঠালাংছʼৰ কেন্দ্ৰীয় শংকৰ মন্দিৰৰ প্ৰাংগনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে মঞ্চ ৰাসৰ । শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা নাটকীয় ৰূপত দাঙি ধৰি সকলোকে আপ্লুত কৰিলে শিল্পীসকলে ।

ডিফুু, ২৬ নৱেম্বৰ: ৰাজ্যৰ চৌদিশে এতিয়া ৰাস মহোৎসৱৰ আনন্দ । শ্ৰীকৃষ্ণৰ ভক্তিত গদগদ হৈ পৰিছে কাৰ্বি আংলঙৰ বৈঠালাংছ'ৰ ৰাইজ । বাঁহীৰ সুৰেৰে মুখৰিত হৈ পৰিছে কাৰ্বি লাংপিৰ পাৰত অৱস্থিত বৈঠালাংছ'ৰ আকাশ-বতাহ । বৈঠালাংছ'ৰ কেন্দ্ৰীয় শংকৰ মন্দিৰৰ প্ৰাংগনত উলহ-মালহেৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ৰাস মহোৎসৱ(Rass mahotsav in Baithalangso) ।

Rash Mahotsav celebrated in Baithalangso
বৈঠালাংছʼত ৰাস মহোৎসৱৰ আয়োজন

নৃত্য-গীত পৰিৱেশন কৰি কৃষ্ণ ভক্তিত বিলীন হৈছে সকলো । খোল, তাল, বাঁহীৰ শব্দই মুখৰ কৰিছে ৰাস মহোৎসৱস্থলী । কিশোৰ-কিশোৰী, যুৱতী সকলোৱে শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাক নাটকীয় ধৰাৰ প্ৰয়াস কৰিছে । প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় শংকৰ মন্দিৰৰ প্ৰাংগনত মঞ্চ ৰাস অনুষ্ঠিত কৰা হয়(Mancha Rass organized in Baithalangso) ।

ক'ভিডৰ প্ৰট'কল মানি আয়োজন কৰা হয় ৰাসৰ অনুষ্ঠানসমূহ । মহামাৰীৰ সংক্ৰমণৰ হ্ৰাস পোৱাৰ বাবে এইবাৰ ৰাস মহোৎসৱ আয়োজন কৰা হৈছে । স্থানীয় আৰু কাষৰীয়া অঞ্চলৰ বহু লোকে মঞ্চ ৰাস উপভোগ কৰিবলৈ অহা পৰিলক্ষিত হয় ।

Rash Mahotsav celebrated in Baithalangso
বৈঠালাংছʼত ৰাস মহোৎসৱ

ৰাস মহোৎসৱ উদ্বোধন কৰি ১ নং দুৱাৰ আমলাৰ পৰিষদীয় সদস্য প্ৰভাত চন্দ্ৰ তাৰʼই কয় যে, কিশোৰ- কিশোৰীৰ হৃদয়ৰ অটল গহ্বৰত সঞ্চিত প্ৰতিভাৰাজি প্ৰকাশৰ অন্যতম মঞ্চ হৈছে এই ৰাস মহোৎসৱ । বিতোপন বৃন্দাবনত শ্ৰীকৃষ্ণ‌ই কৰা ৰাসলীলা বৈঠালাংছʼৰ ৰাইজে নাটকীয় ৰূপত পৰিৱেশন কৰি কৃষ্ণ‌ ভক্তিত নিমজ্জিত হৈছে । কেন্দ্ৰীয় শংকৰ মন্দিৰৰ প্ৰাংগণত আয়োজিত হোৱা ৰাস মহোৎসৱে যাতে বাৰেবৰণীয়া সংস্কৃতিৰ মজিয়াখনলৈ বিশেষ বাৰ্তা আনিব পাৰে তাৰেই কামনা কৰে পৰিষদীয় সদস্য প্ৰভাত চন্দ্ৰ তাৰʼই ।

লগতে পঢ়ক: Rajat Kamal Award 2021: জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈক ৰাজহুৱা সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.