নতুন নিযুক্তিৰ পূৰ্বে চাকৰি নিয়মীয়াকৰণৰ দাবী কাঞ্চ চক্ৰ সমিতিৰ

author img

By

Published : Sep 16, 2022, 10:34 PM IST

POWER OUTSOURCE WORKERS

আজি ডিফু কাঞ্চ চক্ৰ সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে । তেওঁলোকে কয় যে, চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাত তেওঁলোকৰ আপত্তি নাই । কিন্তু, প্ৰথম অগ্ৰাধিকাৰ হিচাপে কৰ্মৰত সকলক অগ্ৰাধিকাৰ দিব লাগিব (Powr outsource workers in Assam)।

ডিফু, 16 ছেপ্টেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে শক্তিখণ্ডত নতুন নিযুক্তি প্ৰদান (Recruitment in power department) কৰা হ'ব বুলি কৰা ঘোষণাৰ প্ৰতিবাদত আজি ডিফু কাঞ্চ চক্ৰ সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত তেওঁলোকে কয়, ‘‘বিগত ১০-১২ বছৰ ধৰি আমি অস্থায়ী কৰ্মচাৰীৰূপে (আউট চৰ্চ) এপিডিচিএলক সেৱা আগবঢ়াই আহিছোঁ’’ (Powr outsource workers in Assam)।

তেওঁলোকে দাবী উত্থাপন কৰে যে, এপিডিচিএলৰ তিনি কোটি টকাৰ লাভৰ ক্ষেত্ৰতো এই কৰ্মচাৰীসকলৰ যথেষ্ট অৰিহণা আছে । ইয়াৰোপৰি চৰকাৰে ঘোষণা ৫ হাজাৰ পদত বছৰ বছৰ ধৰি তেওঁলোকে কাম কৰি আহিছে । ইয়াৰ পিছতো যদি এইসকলক বঞ্চিত কৰি নতুন নিযুক্তি প্ৰদান কৰিব বিচাৰে তেনেহ'লে গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে তেওঁলোকৰ আন কোনো বিকল্প নাথাকিব বুলি উল্লেখ কৰে (Powr outsource workers demand for regularization)।

নতুন নিযুক্তিৰ পূৰ্বে চাকৰি নিয়মীয়াকৰণৰ দাবী কাঞ্চ চক্ৰ সমিতিৰ

লগতে পঢ়ক: বিদ্যুৎ মাচুল বৃদ্ধিৰ কাৰণ ক’লে এপিডিচিএলৰ বিষয়াই

ইয়াৰ লগতে তেওঁলোকে কয় যে, চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাত তেওঁলোকৰ আপত্তি নাই । কিন্তু, প্ৰথম অগ্ৰাধিকাৰ হিচাপে কৰ্মৰত সকলক অগ্ৰাধিকাৰ দিব লাগিব । প্ৰথমে এইসকল কৰ্মচাৰীক নিয়োগ কৰি তাৰ পাছত নতুন নিযুক্তি প্ৰদান কৰিবলৈ চকাৰক দাবী জনায় ।

এপিডিচিএলত ৬০ শতাংশ অস্থায়ী আউট চৰ্চ কৰ্মচাৰীয়ে সেৱা আগবঢ়াই থকাৰ বিপৰীতে অতি কম সংখ্যক কৰ্মচাৰীয়ে সকলো সুবিধা লাভ কৰি অহাটো অগণতান্ত্ৰিক আখ্যা দিয়ে সংবাদমেলযোগে । অস্থায়ী কৰ্মচাৰীসকলৰ নিজৰ লগতে পৰিয়ালৰ কোনো সুৰক্ষা নাই বুলি উল্লেখ কৰি কয় যে, কিছুদিন পূৰ্বে ডিফুৰ সমীপত লাইনত কৰ্মৰত এগৰাকী অস্থায়ী কৰ্মচাৰীৰ হৈছিল যদিও পৰিয়ালে আজিলৈকে কোনো ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ'ল ।

এনে পৰিস্থিতিত সেৱা আগবঢ়োৱাৰ পাচতো যদিও চৰকাৰে কোনো সদিচ্ছা প্ৰকাশ কৰা নাই । অসমৰ মুখ্যমন্ত্ৰীক বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিবলৈ সংবাদমেলযোগে আহ্বান জনায় এইসকল কৰ্মচাৰীয়ে ।

লগতে পঢ়ক: ২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা ছয় জনগোষ্ঠীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.