শান্তি চুক্তিয়ে শান্তি আনিছে নে কাৰ্বি পাহাৰ লৈ ?

author img

By

Published : Sep 12, 2021, 10:28 PM IST

post-karbi-peace-accord-situation-in-karbi-hills

ছয় উগ্ৰপন্থী সংগঠনৰ শান্তিচুক্তিৰ পিছত কাৰ্বি পাহাৰলৈ নামি আহিছে শান্তি ৷ স্বাক্ষৰকাৰী সংগঠন ইউপিএলৰ সংবাদমেল ৷

ডিফু, ১২ ছেপ্তেম্বৰ : অস্ত্ৰ বিৰতিত থকা কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠন ক্ৰমে, কেএনএলএফ, কেপিএলটিৰ তিনিটা গোট, পিডিচিকে আৰু ইউপিএলএৰ সৈতে কেন্দ্ৰীয় চৰকাৰ, আৰু ৰাজ্য চৰকাৰৰ সৈতে নতুন দিল্লীত স্বাক্ষৰিত শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ক্ৰমাৎ শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙত ৷ এসময়ত কাৰ্বি জনগোষ্ঠীৰ উন্নয়নৰ বাবে পাহাৰীয়া জিলাখনৰ বহু যুৱকে বাছি লৈছিল সশস্ত্ৰ সংগ্ৰামৰ পথ ।

বৰ্তমান ৰাজ্যৰ প্ৰায়বোৰ উগ্ৰপন্থী সংগঠনেই মূল সূঁতিলৈ ঘূৰি অহা পৰিলক্ষিত হৈছে আৰু যাৰ ফলত পাহাৰীয়া জিলাখন পুনৰ শান্ত হৈ পৰিছে । ২০১৩ চনৰ ২ ফ্ৰেব্ৰুৱাৰীত কাৰ্বি জনগোষ্ঠীৰ সৰ্বস্তৰৰ উন্নয়নৰ লক্ষ্য তথা উদ্দেশ্যৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বুকুত আত্মপ্ৰকাশ ঘটা উগ্ৰপন্থী সংগঠন ইউনাইটেড পিপ'ল লিবাৰেশ্যন আৰ্মি চমুকৈ ইউ পি এল এ নামৰ উগ্ৰপন্থী সংগঠনটোৱে ২০১৮ চনত যুদ্ধবিৰতি ঘোষণা কৰিছিল ।

শান্তি চুক্তিয়ে শান্তি আনিছে নে কাৰ্বি পাহাৰত ?

ইতিমধ্যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলঙৰ ছটাকৈ বিদ্ৰোহী সংগঠনৰ মাজত যোৱা ৪ ছেপ্তেম্বৰ তাৰিখে স্বাক্ষৰিত শান্তি চুক্তিৰ পিছতে ক্ৰমাৎ কিছু পৰিমাণে শান্তি নামি অহা দেখা গৈছে কাৰ্বি আংলঙত ।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি চুক্তিৰ পিছতে কেম্পসমূহ ভংগ কৰি জংঘল এৰি আপোন ঘৰখনলৈ উভতিব কাৰ্বি আংলঙৰ বিদ্ৰোহী সংগঠন UPLA ৰ ৩৭৮ গৰাকীকৈ কেডাৰ । ৮ বছৰীয়া সংগ্ৰামৰ অন্ত পৰিল কাৰ্বি আংলঙৰ উগ্ৰপন্থী সংগঠন UPLA ৰ ৷ বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰৰ তিনি নং ডিলাওজান ৰংখলাঙৰ অস্থায়ী যুদ্ধবিৰতি শিবিৰত থকা এই ইউ পি এল এ সংগঠনটোৱে দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰে ।

শান্তি চুক্তি অনুসৰি সংগঠনটোৰ প্ৰতিগৰাকী কেডাৰলৈ ৩ লাখ টকাকৈ এক কালীন সাহায্যৰ লগতে আগন্তুক ৩ বছৰলৈ মাহে ৬ হাজাৰকৈ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা সংগঠনটোৰ নেতৃবৰ্গই উক্ত সংবাদমেল যোগে জানিবলৈ দিয়ে ৷ কাৰ্বি আংলঙক পৃথক ৰাজ্য স্বীকৃতি দিয়াই সংগঠনটোৰ মূল দাবী আছিল যদিও সম্প্ৰতি শান্তি চুক্তিক লৈ সুখী বুলি মন্তব্য কৰে UPLA ৰ নেতৃত্বই ।

লগতে পঢ়ক : যোগদলত হত্যাকাণ্ড : হত্যা কৰি গাঁতত পুতি থ’লে মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.