কাৰ্বি আংলঙত পাহাৰীয়া নৈত বিপদ সংকুল যাতায়াত

author img

By

Published : Sep 2, 2022, 11:32 AM IST

Updated : Sep 2, 2022, 2:23 PM IST

Karbi Anglong

কাৰ্বি পাহাৰত খৰস্ৰোতা নদীৰ পানী ফালি পাহাৰীয়া ৰাইজৰ বিপদ সংকুল যাত্ৰা । পাহাৰীয়া জিলাৰ পথ-যোগাযোগৰ দুৰৱস্থা (poor road communication in Karbi Anglong) । চুছেন ধেণ্টা পৰিষদীয় সমষ্টিৰ যাতায়াত ব‍্যৱস্থাৰ পুতৌলগা অৱস্থা (Poor transportation system in Karbi Anglong) ।

কলিয়াবৰ, ২ ছেপ্টেম্বৰ : কাৰ্বি আংলঙৰ শোচনীয় যাতায়াত ব্যৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে জিলাখনৰ জনসাধাৰণে (poor road communication in Karbi Anglong)। পাহাৰীয় জিলাখন পথ যোগাযোগত এতিয়াও বহু পিছ পৰি আছে । আনহাতে, পাহাৰীয়া খৰস্ৰোতা নদীৰ বুকুৰে একাংশ লোকে মৰণত শৰণ দি কৰি আহিছে বিপদ সংকুল যাতায়াত (dangerous transportation in mountain river) ।

কলিয়াবৰৰ কুঠৰীৰ সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলং সীমান্তৰ ৰংমংৱে অঞ্চলৰ যাতায়াতৰ দুৰৱস্থা দেখিলে সকলোৰে চকু কপালত উঠিব । নৈৰ বুকুৰে বিপদ সংকুলভাৱে যাতায়াত কৰি আহিছে কেইবাখনো গাঁৱৰ ৰাইজে (Poor transportation system in Karbi Anglong) । আনহাতে, কলিয়াবৰৰ কুঠৰীৰ সৈতে যোগাযোগ প্ৰায় বিচ্ছিন্ন হৈ পৰিছে ৰংমংৱেবাসীৰ (Rangmongwe cut off from Kuthori Kaliabor) ।

কাৰ্বি আংলঙত পাহাৰীয়া নৈত বিপদ সংকুল যাতায়াত

অঞ্চলটো পৰিদৰ্শন নকৰিলে হয়তো অনুভৱ কৰিব নোৱাৰিব অঞ্চলটোৰ যাতায়াতৰ দুৰৱস্থাৰ কথা । বাট-পথৰ দুৰৱস্থা আৰু যাতায়াত ব্যৱস্থাই দাঙি ধৰিছে কাৰ্বি আংলঙত উন্নয়নৰ প্ৰকৃত ছবি (poor development scenario of Karbi Anglong) । নৈৰ প্ৰবল সোঁত ফালি প্ৰতিদিনে যাতায়াত অব্যাহত ৰাখিছে অঞ্চলটোৰ সাতখনকৈ গাঁৱৰ বাসিন্দাই । দেওপানী নৈৰে বিপদ সংকুলভাৱে যাতায়াত কৰি আছে সাধাৰণ জনতাই ।

ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, পুৰুষ-মহিলা-বৃদ্ধই তেনেদৰেই দৈনিক যাতায়াত কৰিবলগা হৈছে নৈৰ বুকুৱেদি (student facing problem for road connectivity) । উল্লেখ্য, দেওপানী নৈৰ ওপৰত থকা ওলোমা দলংখন মেৰামতিৰ অভাৱত জহি-খহি যায় । শেহতীয়াকৈ দেওপানী নৈৰ কোবাল সোঁতে উটুৱাই নিয়ে ওলোমা দলংখনৰ অৱশিষ্টখিনিও (Deopani hanging bridge washed in flood) । যাৰ ফলত দেওপানী নৈৰে বিপদ সংকুলভাৱে যাতায়াত কৰিবলগা হৈছে সাধাৰণ জনতাই ।

কলিয়াবৰৰ কুঠৰীৰ সীমান্তত অৱস্থিত কাৰ্বি আংলং জিলাৰ 'চুচেন-ধেণ্টা' পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰংমংৱে অঞ্চলৰ বাট-পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে অঞ্চলটোৰ জনসাধাৰণক (people affected for poor transportation)।

লগতে পঢ়ক :ডিফুত পৰম্পৰাগত আইন সন্দৰ্ভত আলোচনাচক্ৰ

Last Updated :Sep 2, 2022, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.