মাটিৰ দালালক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 22, 2021, 6:03 PM IST

Opposition leader Debabrata Saikia reacts

ফণী তালুকদাৰ মাটিৰ উকীল নে মাটিৰ দালাল ? শাসকীয় পক্ষৰ লগত হলি গলি কৰি থকা মাটিৰ দালালকো ধৰিবলৈ আহ্বান জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

গুৱাহাটী,২২ ছেপ্টেম্বৰ : ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে চৰকাৰী নিৰ্দেশত আৰক্ষীয়ে চলোৱা অভিযানকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । এই সন্দৰ্ভত তেওঁ কয়, 'মাটিৰ দালালক ধৰিছে ভাল পাইছোঁ । বহুত মাটিৰ দালালে শাসকীয় পক্ষৰ লগত হলি গলি কৰি আছে সেইবিলাককো ধৰক ।

মাটিৰ দালালক লৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

কিন্তু মাটিৰ দালালক ধৰাৰ নামত বহু তৰণীক ধৰিছে, তৰণীবিলাকে যিটো লিখিব লাগে, সেইখিনি লিখি মানুহক সহায় কৰে । তেওঁ লগতে কয়, 'বিধানসভাত বহু বাৰ প্ৰশ্ন উত্থাপন হৈছে যে যি মূল্যৰ দলিল বিচাৰিলেই পোৱা নাযায় । দলিলক লৈ ব্লেক মাৰ্কেটিং চলি আছ ।

লগতে পঢ়ক: পৰেশ বৰুৱাৰে আলোচনা : পূজাৰ পিছতেই প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা

সেয়ে কেতবোৰ লোকক দলিল অধিক মূল্যত বিক্ৰী কৰাৰ বাবে ধৰিছে । কিন্তু চৰকাৰে দলিলবিলাক ৰাজ্যত উপলব্ধ কৰি দিয়া হ'লে কোনেও বেছি মূল্যত দলিল ক্ৰয় কৰিব লগা নহ'ল হয় আৰু এই দালালৰো সৃষ্টি নহয় । আচলতে চৰকাৰে মাটিৰ প্ৰকৃত দালাল অলপ ধৰিছে আৰু সংখ্যা বঢ়াবলৈ বেছি কৰি দিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই ৷

ইফালে, ৰাজ্যত এতিয়াও প্ৰকৃত দালাল বহুত আছে বুলি অভিযোগ উত্থাপন কৰে বিৰোধী দলপতি গৰাকীয়ে । বিধানসভাতেই অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বিজেপি নেতা ফনী তালুকদাৰক আপুনিটো মাটিৰ কাম ভালদৰে জানে বুলি কৈছিল । তাৰমানে কি ফনী তালুকদাৰ মাটিৰ উকিল নে মাটিৰ দালাল বুলি প্ৰশ্ন উত্থাপন কৰে দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক: চিৰাঙত কিশোৰী নিৰুদ্দেশ; নাৰী সৰবৰাহকাৰীৰ কৱলত পৰাৰ সন্দেহ স্থানীয় লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.