ডিফুত ৰাষ্ট্ৰীয় লোক আদালত নিষ্পত্তি হ'ল 177 টা গোচৰ

author img

By

Published : Sep 11, 2021, 10:52 PM IST

national-lok-adalat-in-dipu-settles-177-cases

দেশৰ আন সমূহ ঠাইৰ দৰে ডিফু ন্যায়িক আদালততো অনুষ্ঠিত হ'ল ৰাষ্ট্ৰীয় লোক আদালত ৷ শনিবাৰে অনুষ্ঠিত হোৱা এই লোক আদালতত সৰ্বমুঠ 177 টা গোচৰ নিষ্পত্তি কৰা হ'ল বুলি জানিব পৰা গৈছে ৷

ডিফু,11 ছেপ্তেম্বৰ: সমগ্ৰ দেশৰ লগত সংগতি ৰাখি শনিবাৰে ডিফু ন্যায়িক আদালততো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় লোক আদালতত ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী অধ্যক্ষ এন কটিশ্বৰ সিং সপত্নী সহ ডিফুত উপস্থিত হৈ ডিফু ন্যায়িক আদালতত অনুষ্ঠিত হৈ থকা লোক আদালতৰ গোচৰ নিষ্পত্তি প্ৰক্ৰিয়াৰ বুজ লয় ৷ লগতে ন্যায়াধীশ গৰাকীয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ৰ এটি আইনী সাহাৰ্য কোষৰ শুভ উন্মোচন কৰে ৷

উক্ত অনুষ্ঠানত জিলা সত্ৰ ন্যায়াধীশ কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আব্দুল হাকিম, অসম ৰাজ্যিক ন্যায় সেৱা প্ৰাধিকৰণৰ সচিব নয়ন শংকৰ বৰুৱা, কাৰ্বি আংলং জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব নাগিব আহমেদ, জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা আৰু জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিনহাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

ডিফুত ৰাষ্ট্ৰীয় লোক আদালত নিষ্পত্তি হ'ল 177 টা গোচৰ

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গৰাকীয়ে আইনী সেৱা লাভ কৰিব বিচৰা যিকোনো লোককে এই আইনী সাহাৰ্য কোষৰ জৰিয়তে সাহাৰ্য আগবঢ়োৱা হ'ব বুলি উল্লেখ কৰে ৷ লগতে দেশৰ আইনী ব্যৱস্থাটো এতিয়াও আইনী প্ৰক্ৰিয়াৰ সৈতে সবিশেষ জ্ঞাত নোহোৱা সাধাৰণ লোকৰ বাবে এক জটিল আৰু ৰহস্যময় বিষয় হিচাপে পৰিগণিত হোৱা বুলি মন্তব্য কৰে ন্যায়াধীশ গৰাকীয়ে ৷

উক্ত সাহাৰ্য কোষৰ জৰিয়তে এই সকল লোকক যিকোনো আইনী সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় তথা পৰামৰ্শ আগবঢ়োৱাৰ ওপৰিও বিনামূলীয়াকৈ প্ৰয়োজন সাপেক্ষে আদালতৰ মজিয়াত সাহাৰ্য আগবঢ়াব বুলি মন্তব্য কৰে এন কটিশ্বৰ সিঙে ৷ আইনী সাহাৰ্য প্ৰদানৰ ক্ষেত্ৰত জিলাখনত এনে আইনী সাহাৰ্য কোষৰ প্ৰয়োজনীয়তা থকা বুলি মন্তব্য কৰি ন্যায়াধীশ গৰাকীয়ে জিলাখনৰ অন্য স্থানতো এনে কোষ স্থাপনৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃ ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত উপস্থিত থাকি কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

আনহাতে ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বছৰৰ পিছত বছৰ ধৰি আদালতত অমীমাংসিত হৈ থকা গোচৰ সমূহ পাৰষ্পৰিক বুজাবুজিৰ জৰিয়তে সমাধান কৰাৰ প্ৰচেষ্ঠা চলোৱা হৈছে বুলি মন্তব্য কৰে ন্যায়াধীশ গৰাকীয়ে ৷ লগতে অত্যন্ত কম ব্যয় আৰু সুবিধাজনকভাবে বিবাদমান বিষয় সমূহৰ সমাধানৰ বাবে সকলোকে আগবাঢ়ি আহিবলৈ ন্যায়াধীশ গৰাকীয়ে আহ্বান জনায় ৷

খুউব কম সময়ৰ ভিতৰতে সহজে এই ব্যৱস্থাৰ জৰিয়তে বিবাদসমূহ মীমাংসা কৰাটো সম্ভৱপৰ বুলি মন্তব্য কৰি এই ক্ষেত্ৰত সংবাদ মাধ্যমকো গুৰুত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনাই জ্যেষ্ঠ ন্যায়াধীশ এন কটিশ্বৰ সিঙে ৷ পৰৱৰ্তী লোক আদালত অহা 12 ডিচেম্বৰত অনুষ্ঠিত কৰা হ'ব বুলি জনায় ন্যায়াধীশ গৰাকীয়ে ৷

শনিবাৰৰ লোক আদালতত আদালতৰ গোচৰৰ পৰা আৰম্ভ কৰি যান-বাহন গোচৰ, এপিডিচিএল, বেংক, উপায়ুক্ত কাৰ্যালয়ৰ মুঠ 1322 টা গোচৰৰ লগতে বোকাজান আদালৰ 413 টা গোচৰকলৈ মুঠ 1735 টা গোচৰ নিষ্পত্তিৰ বাবে লোৱা হয় ৷ শনিবাৰে ইয়াৰে সৰ্বমুঠ 177 টা গোচৰ নিষ্পত্তি কৰা হ'ল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ APSC ৰ পৰীক্ষাৰ বাবে সম্পূৰ্ণৰূপে সাজু কাৰ্বি আংলঙত সাতটা পৰীক্ষা কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.