স্বাক্ষৰিত শান্তি চুক্তিকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে কাৰ্বি পাহাৰত

author img

By

Published : Sep 16, 2021, 10:33 PM IST

mixed reaction coming out of karbi hills on karbi peace accord

স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিক লৈ কি ক’লে চিপিআই (এম এল) হিলছ পাৰ্টীয়ে ৷ শান্তি চুক্তিক লৈ কাৰ্বি আংলঙত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন ৷

ডিফু, ১৬ ছেপ্তেম্বৰ : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীৰ নৰ্থ ব্লকত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কাৰ্বি আংলঙৰ ছয়টাকৈ অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠন ক্ৰমে, কেএন এলএফ, পিডিচিকে, ইউপিএলএ আৰু কেপিএলটিৰ তিনিটা গোটৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক শান্তি চুক্তিকলৈ কাৰ্বি পাহাৰত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ শাসকীয় পক্ষৰ লগতে জিলাখনৰ একাংশ দল সংগঠন আৰু চুক্তি স্বাক্ষৰকাৰী সকলে স্বাক্ষৰিত শান্তি চুক্তিখন এক ঐতিহাসিক চুক্তি বুলি দাবী কৰাৰ সমান্তৰালকৈ আন একাংশ দল সংগঠনে চুক্তিখনৰ ২, ৩ নম্বৰ দফাত পৰিষদীয় নিৰ্বাচনৰ বাবে পূৰ্বৰ ২৬ খন আসনৰ পৰিৱক্তে ৫০ খনলৈ আসন বৃদ্ধি কৰি ইয়াৰে দহখন আসন সকলোৰে বাবে মুকলি কৰি ৰখা বিষয় সন্নিবিষ্ট হোৱাক লৈ সমালোচনা কৰাৰ লগতে তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে ৷

বৃহস্পতিবাৰে ডিফুস্থিত চিপিআই(এমএল) হিলছ পাৰ্টি কমিটিয়ে নিজ কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলত চিপিআই(এমএল)হিলছ পাৰ্টী কমিটিৰ সাধাৰণ সম্পাদক ৰবি কুমাৰ ফাংচ'ৱে উক্ত চুক্তিখন ঐতিহাসিক হোৱাৰ বিপৰীতে চুক্তিখনৰ জৰিয়তে জিলাখনৰ দীৰ্ঘ দিনীয়া ষষ্ঠ অনুসূচীত জাতিৰ সংবিধান প্ৰদত্ত সুবিধা অনুচ্ছেদ ২৪৪(ক)ৰ কথা সন্নিবিষ্ট নথকাটো দুৰ্ভাগ্য জনক বিষয় বুলি মন্তব্য কৰে ৷

স্বাক্ষৰিত শান্তি চুক্তিকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে কাৰ্বি পাহাৰত

উক্ত চুক্তিত পাহাৰীয়া জিলাবাসীয়ে ২৪৪(ক) ৰূপায়ণক লৈ দশক দশক জুৰি কৰি অহা আন্দোলনক শাসনাধিস্থিত বিজেপি চৰকাৰে নস্যাৎ কৰিছে বুলিও তেওঁলোকে মন্তব্য কৰিছে ৷

বিভিন্ন সময়ত বিজেপিৰ শীৰ্ষ নেতা সকল ক্ৰমে এল কে আদৱানী, ৰাজনাথ সিং, তাপিৰ গাও, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বায়ত্ব শাসিত ৰাজ্য আৰু ক্ষুদ্ৰ গঠনৰ প্ৰতিশ্ৰুতি দি ৰাইজৰ ভোটেৰে ক্ষমতা দখল কৰিছিল যদিও শেহতীয়াকৈ স্বাক্ষৰিত হোৱা শান্তি চুক্তিত স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ সুবিধা নাৰাখি পাহাৰীয়া ৰাইজক প্ৰতাৰণা কৰিলে বুলি অভিযোগ কৰে ৰবি কুমাৰ ফাংচ'ৱে ৷

তেওঁ ইয়াকো কয় যে, সশস্ত্ৰ পন্থী সকলে অস্ত্ৰ সম্বৰণ কৰা কাৰ্য আদৰণীয় যদিও ২৪৪(ক)ৰ দাবীত জিলাখনত অব্যাহত থকা জন সংগ্ৰাম কেতিয়াও দাবীৰ পৰা বিচলিত নহয় ৷ চিপিআই(এমএল) হিলছ পাৰ্টী কমিটি(সংগ্ৰামী) সদায় জন সংগ্ৰামীৰ সৈতে থাকিব বুলি মন্তব্য কৰে চিপিআই(এম এল)ৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷ সংবাদমেলত কেএনচিএৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপী, আইপোৱাৰ সভানেত্ৰী সীমা বে'পী, আমলং ইংতিকে প্ৰমুখ্য কৰি কেইবাগৰাকী নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক : থাওৰাত হাইভল্টেজ পলিটিকেল ড্ৰামা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.