ডিফুত নিৰুদ্দিষ্ট শিক্ষকৰ সন্ধানৰ নামত ৰান্ধনীক শাৰিৰীক অত্যাচাৰৰ অভিযোগ

author img

By

Published : Sep 29, 2022, 3:57 PM IST

mid-day-meal-cook-abused-in-diphu

নিৰুদ্দিষ্ট শিক্ষক মনেশ্বৰ কলিতাৰ সন্ধানৰ নামত বিদ্যালয়ৰ ৰান্ধনীক শাৰীৰিক অত্যাচাৰৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে । অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে এপিএইচএলচিৰ ডিফুত তীব্ৰ প্ৰতিবাদ (APHLC protest against police in Diphu) ।

ডিফু, ২৮ ছেপ্টেম্বৰ : যোৱা ৩০ আগষ্টত কাৰ্বি আংলং জিলাৰ ছামেলাংছ থানাৰ অধীনৰ ৰং আৰি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক মনেশ্বৰ কলিতা বিদ্যালয়লৈ যোৱাৰ পথত ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা আজি এমাহ উকলিবৰ হ'ল (Teacher missing in Karbi Anglong) । কিন্তু আৰক্ষীয়ে শিক্ষকগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷

ইয়াৰ বিপৰীতে আৰক্ষীয়ে শিক্ষকজনৰ সন্ধানৰ নামত এগৰাকী ৰান্ধনীক শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে (allegation of physical abuse to female cook) ৷ কোনো লোকে শিক্ষকগৰাকীক অপহৰণ কৰিলে নে শিক্ষকগৰাকী নিজেই অন্তৰ্ধান হৈছে সেয়া আজিও ৰহস্যৰ আৱৰ্তত ৷

ইয়াৰ মাজতে আৰক্ষীয়ে তদন্তৰ নামত উক্ত বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী (mid day meal cook abused in Diphu) মৰিয়ম ৰংপিপিক তদন্তৰ নামত শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে অশ্ৰাব্য গালি-গালাজ পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ আৰক্ষীৰ আতিশায্যৰ বলি হৈ ৰংপিপি বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷

ডিফুত নিৰুদ্দিষ্ট শিক্ষকৰ সন্ধানৰ নামত ৰান্ধনীক শাৰিৰীক অত্যাচাৰৰ অভিযোগ

এই সন্দৰ্ভত বুধবাৰে কাৰ্বি ছাত্ৰ সন্থাই এত সংবাদমেল সম্বোধন কৰি ডকমকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলমণি মালাকেৰে মৰিয়ম ৰংপিপিক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় ৷ আনহাতে, আজি ডিফু ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানৰ সন্মুখত আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে (APHLC protest against police in Diphu) ৷

দলটোৰ নেতাসকলে আৰক্ষীয়ে ৰংপিপিক অত্যাচাৰ চলোৱাৰ লগতে মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰে ৷ এগৰাকী মহিলাক পুৰুষ আৰক্ষীয়ে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি সমগ্ৰ বিষয়টো লৈ মানৱ অধিকাৰ আয়োগৰ কাষ চাপিব বুলিও সংবাদ মাধ্যমৰ আগত এপিএইচএলচিৰ মুখপাত্ৰই প্ৰকাশ কৰে ৷

আনহাতে, শিক্ষকগৰাকী নিৰুদ্দেশ হোৱাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি দলটোৰ নেতৃবৰ্গই ইয়াৰ এক উচিত তদন্ত দাবী কৰে ৷ একেদৰে মৰিয়ম ৰংপিপিৰ ওপৰত হোৱা শাৰীৰিক অত্যাচাৰৰো উচ্চ পৰ্যায়ৰ তদন্ত বিচৰাৰ লগতে তাৎক্ষণিকভাৱে অভিযুক্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী তোলে দলটোৱে ।

লগতে পঢ়ক :লাহৰীঘাট থানাৰ এএছআই দুৰ্নীতি নিবাৰক শাখাৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.