Protest by USUKA in Diphu: সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ

Protest by USUKA in Diphu: সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ
ডিফুত বিদ্যালয় সমূহৰ শিক্ষক পদ পূৰণকে ধৰি তিনিদফীয়া দাবীৰ সমৰ্থনত সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উছুকাৰ এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ(Protest by usuka in Diphu) ৷ ধৰ্ণাৰ অন্তত ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ (Memorandum sent to Governor) ৷
ডিফু, ১৯ জানুৱাৰী : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত জিলাখনত গুণগত শিক্ষাৰ মানদণ্ডক উন্নত কৰাৰ লক্ষ্যৰে জিলাখনৰ বহুকেইটা ছাত্ৰ আৰু সামাজিক সংগঠনক লগত লৈ জিলাব্যাপী শৈক্ষিক অভিযান চলাই আহিছে ৷ ইয়াৰ মাজতে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে বৃহস্পতিবাৰে ডিফুত জিলাখনৰ শৈক্ষিক ক্ষেত্ৰখনত দেখা দি অহা বিভিন্ন অভাৱ-অভিযোগসমূহ পূৰণৰ দাবীৰে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (Protest by United Students Union of Karbi Anglong) ৷ ধৰ্ণাৰ অন্তত ছাত্ৰ সংগঠনটোয়ে তিনিদফীয়া দাবীৰে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে (Memorandum sent to Governor) ৷
প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত জানিবলৈ পোৱা মতে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয় সমূহৰ খালী পদ সমূহ পূৰণ কৰা, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত বিজ্ঞান শাখা মুকলি কৰা আৰু দুয়োখন পাৰ্বত্য জিলাৰ অপ্ৰাদেশীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষক সকলক নিয়মীয়া দৰমহা প্ৰদান কৰা- এইকেইটা দাবীৰে সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদে ডিফু চহৰৰ ছেমছনচিং ইংতি মেমৰিয়েল পাৰ্কৰ সন্মূখত এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে’ কাৰ্ড, বেনাৰ, পোষ্টাৰ লৈ বিজেপি গ'বেক, ৰিচাৰ্ড টকবী গ'বেক, ষ্টুডেণ্ট ইউনিটি লং লীভ, উছুকা জিন্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে (Protest by usuka in Diphu )৷
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত উছুকাৰ সভাপতি বিভিছন টেৰণে কয় যে, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে জিলাখনত গুণগত শিক্ষাৰ মাণদণ্ড উন্নত কৰাৰ বাবে সভাই সমিতিয়ে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি আহিছে যদিও ই কাৰ্যক্ষেত্ৰত ৰূপায়ণ হোৱা নাই ৷ দুয়োখন পাৰ্বত্য জিলাৰ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্ৰমে, 172 আৰু 500 শিক্ষকৰ খালী পদ আজিলৈকে পূৰণ হোৱা নাই ৷
দুয়োখন জিলাৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিজ্ঞান শাখা নথকাৰ বাবে পাহাৰীয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰী সকলে উপায়ন্তৰ হৈ বিজ্ঞান শিক্ষা আহৰণৰ বাবে বাহিৰলৈ যাবলৈ বাধ্য হয় ৷ আনহাতে জিলাখনৰ অপ্ৰাদেশিকৃত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ শিক্ষক সকলে যোৱা ১০ মাহ ধৰি অনাদায় দৰমহা প্ৰদান নকৰা সন্দৰ্ভতো আক্ষেপ প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ৷
ধৰ্ণাৰ অন্তত উছুকাই কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাল জগদীশ মুখীলৈ তিনিদফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ লগতে জিলাখনৰ শৈক্ষিক ক্ষেত্ৰখনত খালী হৈ থকা পদসমূহ পূৰণৰ লগতে, অনাদায় দৰমহা মোকলাই দিয়া আৰু বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সংগঠনটোৱে দাবী জনায় ৷
লগতে পঢ়ক : RNB civil hospital: ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় স্থানান্তৰৰ নিৰ্দেশত অসন্তুষ্ট কোকৰাঝাৰবাসী
