বোকাজানত ড্ৰাগছসহ আটক মণিপুৰী নাগা দম্পতি

author img

By

Published : Sep 21, 2021, 11:42 AM IST

NAGA COUPLE APPREHANDED WITH SUSPECTED DRUGS

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে লাভ কৰিছে এটাৰ পাছত আনটো সফলতা ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা চলাই আহিছে যদিও তেনে প্ৰচেষ্টাক আৰক্ষীয়ে দক্ষতাৰে ব্যৰ্থ কৰি আহিছে ৷

ডিফু, ২১ ছেপ্টেম্বৰ : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ লাহৰিজানত সোমবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ'ইনসহ এহাল মণিপুৰী নাগা দম্পতিক আটক কৰে ৷ বোকাজান আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত খটখটী আৰক্ষী আৰু চি আৰ পি এফৰ সহযোগত চলায় এই অভিযান ৷

বোকাজানত ড্ৰাগছসহ আটক নগা দম্পতি

বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান আৰক্ষী আৰু খটখটী আৰক্ষীৰ দলে খটখটীৰ গণক পুখুৰীত মণিপুৰী নাগা দম্পতিটোৰ গাড়ীৰ লাইটৰ ভিতৰত উদ্ধাৰ কৰে ড্ৰাগছখিনি ৷ আৰক্ষীয়ে দম্পতিটোৰ পৰা প্ৰায় ১ কেজি ৫ গ্ৰাম হেৰ'ইন জব্দ কৰে ৷ জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্ৰায় চাৰে তিনি কোটি টকা বুলি জানিব পৰা হৈছে ৷

NAGA COUPLE APPREHANDED WITH SUSPECTED DRUGS
বোকাজানত ড্ৰাগছসহ আটক নগা দম্পতি

আৰক্ষীয়ে আটক কৰা দম্পতিটো Besii Mao আৰু Kaiha Mao বুলি জানিব পৰা হৈছে ৷ দম্পতিটোৰ লগত এটা সন্তানো আছিল । দুয়োৰে ঘৰ নাগালেণ্ডৰ ডিমাপুৰত বুলি জানিবলৈ দিছে আৰক্ষীয়ে । ৮০ টা চাবোনৰ বাকচৰ ভিতৰত ভৰাই আনিছিল ড্ৰাগছখিনি । মণিপুৰৰ পৰা দম্পতিটোৱে ড্ৰাগছখিনি লৈ আহিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক : ধেমাজিত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.