Road Accident at Bokajan: পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

author img

By

Published : Dec 2, 2021, 7:29 PM IST

Updated : Dec 2, 2021, 8:11 PM IST

major-road-accident-at-bokajan

বোকাজান মহকুমাৰ খটখটীত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা(Major road accident at Bokajan)৷ দুৰ্ঘটনাৰ ফলত আলতাফ হুছেইন নামৰ লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

ডিফু, 2 ডিচেম্বৰ : বোকাজান মহকুমাৰ খটখটীত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে বিয়লি সংঘটিত হোৱা এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত এজন মটৰচাইকেল আৰোহীৰ মৃত্য হয় ৷ উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত কেইবাটাও বিলাতী সুৰাৰ কাৰ্টুন থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

ঘটনা অনুসৰি বৃহস্পতিবাৰে বিয়লি প্ৰায় 1 বাজি 30 মিনিটত বোকাজানৰ পৰা ডিমাপুৰ অভিমুখে তীব্ৰ বেগেৰে গৈ থকা এন এল 05 9270 পঞ্জীয়ন নম্বৰৰ ইক' স্পৰ্টচ এখনে খটখটী থানাৰ অন্তৰ্গত গৌতমবস্তিত বিপৰীত দিশৰ পৰা আহি থকা দুখনকৈ মটৰ চাইকেলক মহতিয়াই নিয়ে ৷ প্ৰথমতে ইক'স্পৰ্টচখনে এখন মটৰচাইকেলত খুন্দা মাৰি কমেও 50 মিটাৰ দূৰ পৰ্যন্ত চোঁচৰাই নিয়ে ৷

খটখটীত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনা

ইয়াৰ পাচতে, তীব্ৰ বেগী ইক'স্পৰ্টচখনে আন এখন মটৰ চাইকেলতো খুন্দা মাৰে ৷ ফলত মুহুৰ্তৰ ভিতৰতে দপদপাই জ্বলি উঠে ইক'স্পৰ্টচখন ৷ পৰিণতিত বাহনখন ঘাইপথতে জ্বলি ভষ্মীভূত হয় ৷ এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত গোলাঘাটৰ উৰিয়ামঘাটৰ আলতাফ হুছেইন নামৰ মটৰ চাইকেল আৰোহীজন থিতাতে নিহত হোৱাৰ লগতে আন চাৰিজন লোক কম-বেছি পৰিমাণে আহত হয় ৷

অৱশ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে ইক'স্পৰ্টচ বাহনখনৰ দুয়োগৰাকী আৰোহী পলাই যোৱা বুলি সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আলতাফ হুছেইনৰ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও, ইতিমধ্যে গাড়ীখন সম্পূৰ্ণৰূপে জুইত জাহ যায় ৷ দুৰ্ঘটনাত পতিত হোৱা মটৰ চাইকেল দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে, এনএল 07 চি 8687 আৰু এনএল 07 এইছ 7011 বুলি জানিব পৰা গৈছে ৷

ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে( Assam police have started investigation into the incident) ৷ পথ দুৰ্ঘটনাৰ ফলত এগৰাকী লোকৰ কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই ইতিমধ্যে অঞ্চলটোত এক চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Road Accident at Gossaigaon : কচুগাঁৱত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা

Last Updated :Dec 2, 2021, 8:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.