Arrested Lady Mobile Thief : যুৱতীগৰাকীৰ পৰা উদ্ধাৰ বহুকেইটা মোবাইল

author img

By

Published : Dec 3, 2021, 10:53 PM IST

lady-mobile-thief-arrested-in-diphu

বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীৰ সহযোগত ডিফু আৰক্ষীয়ে এগৰাকী যুৱতী মোবাইল চোৰক আটক কৰে(Lady Mobile thief arrested in Diphu) ৷ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিটা মোবাইল(Three mobiles found by Diphu police) ৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত যুৱতীগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

ডিফু , 3 নৱেম্বৰ : ডিফু আৰক্ষীৰ আন এক সাফল্য ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষীৰ সহযোগত ডিফু আৰক্ষীয়ে মোবাইল চুৰিৰ অপৰাধত এগৰাকী যুৱতীক আটক কৰে(Lady Mobile thief arrested in Diphu) ৷ লগতে ধৃত যুৱতী গৰাকীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে তিনিটাকৈ মোবাইল ফোন ৷

এই আটকাধীন যুৱতীগৰাকী হোজাই জিলাৰ লামডিঙৰ শীতলাপথৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, ধৃত যুৱতী গৰাকীয়ে বিগত 30 নৱেম্বৰত ডিফুৰ পুলিছ ৰিজাৰ্ভৰ এলেকাৰ পৰা তিনিটাকৈ মোবাইল ফোন চুৰ কৰিছিল ৷

ইতিমধ্যে আৰক্ষীয়ে ডিফু থানাত ধৃত যুৱতীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 380 মতে 346/21 গোচৰ ৰুজু কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে ধৃত যুৱতীগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: Nagaon Police Raid : নগাঁৱত আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.