সামৰিক পোছাক দাহনৰে ভংগ KPLT

author img

By

Published : Sep 20, 2021, 12:37 PM IST

kplt-r-militant-group-disbanded

সামৰিক পোছাক ৰাজহুৱাভাৱে দাহ কৰি কলঙা আৰু বকলীয়াঘাটত দুটাকৈ কেপিএলটি(Karbi People's Liberation Tiger) উগ্ৰপন্থী সংগঠনৰ আনুষ্ঠানিক ভংগৰ ঘোষণা ৷ অনাগত সময়চোৱাত জিলাবাসীৰ মূল দাবী 244(ক) নং অনুসূচী সন্দৰ্ভত আলাপ-আলোচনাৰ মাধ্যমেৰে আগবাঢ়িব বুলি সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে KPLT(R)ৰ নেতৃবৰ্গই ৷

ডিফু, 20 ছেপ্তেম্বৰ : কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠনৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচত চুক্তি অনুসৰি ভংগ হৈ আছে ইটোৰ পাচত সিটো উগ্ৰপন্থী সংগঠন ৷ দেওবাৰে কলঙা আৰু বকলীয়াঘাটত দুটাকৈ কেপিএলটি(Karbi People's Liberation Tiger) উগ্ৰপন্থী সংগঠনে আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰে ৷

kplt-r-militant-group-disbanded
সামৰিক পোছাক দাহনৰে ভংগ KPLT

সেই অনুসৰি, সোমবাৰে ডিফুৰ 5 মাইলত থকা KPLT(R) গ্ৰুপে সংগঠনটোৰ সামৰিক পোছাক ৰাজহুৱাভাৱে দাহ কৰি আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰে ৷ লগতে সংগঠনটোৰ পতাকাও সম্বৰণ কৰে ইয়াৰ নেতৃবৰ্গই ৷ এক সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিক ভংগৰ ঘোষণা কৰে সংগঠনটোৰ সচিব লটিচাৰি কাংটাং বে’ ওৰফে গুডউইনচন ক্ৰই ৷

kplt-r-militant-group-disbanded
সামৰিক পোছাক দাহনৰে ভংগ KPLT

অনাগত সময়ত জিলাবাসীৰ মূল দাবী 244(ক) নং অনুসূচী সন্দৰ্ভত আলাপ-আলোচনাৰ মাধ্যমেৰে আগবঢ়া হ’ব বুলি মন্তব্য কৰে নেতৃবৰ্গই ৷ প্ৰসংগক্ৰমে কেপিএলটি (আৰ)ৰ মুঠ কেডাৰৰ সংখ্যা 350 গৰাকী ৷ 2011 চনৰ 8 জানুৱাৰীত গঠন হোৱা কেপিএলটি (আৰ) উগ্ৰপন্থী সংগঠনটোৱে সুদীৰ্ঘ 11 বছৰ কাল সশস্ত্ৰ সংগ্ৰাম চলাই আহিছিল ৷ শিবিৰত প্ৰায় 400 কেডাৰৰ সামৰিক পোছাক দাহ কৰে ৷

সামৰিক পোছাক দাহনৰে ভংগ KPLT

সংগঠনটোৰ গুডউইনচন ক্ৰই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয় যে, এতিয়াৰে পৰা সংগঠনটোৰ নামত কোনো কেডাৰে অসামাজিক কাৰ্যত লিপ্ত হ’লে কেপিএলটি(আৰ) নেতৃত্ব দায়ী নহ’ব ৷ চৰকাৰৰ সৈতে হোৱা শান্তি আলোচনাত সংগঠনটো সন্তুষ্ট বুলি মন্তব্য কৰে সচিবগৰাকীয়ে ৷

kplt-r-militant-group-disbanded
সামৰিক পোছাক দাহনৰে ভংগ KPLT

অস্ত্ৰ বিৰতি ঘোষণা কৰাৰ পূৰ্বে সংগঠনটোৰ 77 গৰাকী কেডাৰে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷ সংগঠনটোৰ অধ্যক্ষ ৰাণ ৰংপিয়ে প্ৰথমতে সংগঠনটোৰ পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ তৰ্পণ কৰে আৰু শেষত পতাকাখন অৰ্ধনমিত কৰে ৷ সংগঠনটোৰ আটাইকেইগৰাকী শীৰ্ষ নেতাৰ উপস্থিত সংগঠনটো আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰা হয় ৷

লগতে পঢ়ক: আনুষ্ঠানিকভাৱে ভংগ হ’ল KPLT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.