Press Meet : বহুকেইটা দাবীৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ সংবাদমেল

author img

By

Published : Nov 21, 2021, 10:48 AM IST

indigenous-tribal-literature-meet-press-meet

চৰকাৰলৈ বহুকেইটা দাবী উত্থাপন কৰি খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসম(Indigenous Tribal Literature Meet Assam)ৰ সংবাদমেল সম্বোধন ৷ বিশেষকৈ নতুন শিক্ষানীতি প্ৰয়োগ কৰি পাঠ্যক্ৰমত মিচিং, ৰাভা, তিৱা, দেউৰী আৰু কাৰ্বি ভাষা সংযোজন কৰা দাবী জনায় জনজাতীয় সাহিত্য সভা অসমে ৷

ডিফু, 20 নৱেম্বৰ : খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসম(Indigenous Tribal Literature Meet Assam)ৰ উদ্যোগত শনিবাৰে বিয়লি ভাগত কাৰ্বি আংলং জিলাৰ ডিফুৰ তাৰালাংছস্থিত কাৰ্বি পিপলছ হল প্ৰাংগণত সম্বোধন কৰা হয় এক সংবাদমেল ৷ সংবাদমেলত চৰকাৰৰ ওচৰত সন্মিলিতভাৱে উত্থাপন কৰা হয় কেইবাটাও গুৰুত্বপূর্ণ দাবী ৷

সংবাদমেলযোগে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাসমূহৰ নেতৃত্বই কৰা দাবী অনুসৰি চৰকাৰে নতুনকৈ প্ৰৱর্তন কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি 2020(National Education Policy 2020) অনুসৰি 2022 চনৰ নতুন শিক্ষাবর্ষৰ পৰাই নতুন শিক্ষানীতি প্ৰয়োগ কৰি মিচিং, ৰাভা, দেউৰী আৰু তিৱা ভাষাক পঞ্চম শ্ৰেণীলৈ আৰু কাৰ্বি ভাষাক অষ্টম শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱর্তন কৰাৰ বাবে অসম মন্ত্ৰীসভাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যপালৰ দ্বাৰা অধ্যাদেশ জাৰী কৰোৱাৰ আহ্বান জনায় ৷

খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ সংবাদমেল

লগতে প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ মিচিং, ৰাভা, তিৱা, দেউৰী আৰু কাৰ্বি ভাষাৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি প্ৰণয়নৰ কাম আৰম্ভ কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনায় । আনহাতে, বিগত 30 ছেপ্তেম্বৰত ধেমাজিত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তৰ বাবেও সাহিত্য সভা সমালোচনাত সৰৱ হৈ পৰা পৰিলক্ষিত হয় ।

খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ অভিযোগ অনুসৰি, উক্ত বৈঠকত মুর্কংচেলেক জনজাতীয় খণ্ড আৰু আবেষ্টনীত আহোম, কোচ-ৰাজবংশী, মটক আৰু গাোর্খা শ্ৰেণীক সুৰক্ষিত শ্ৰেণীৰ অধিকাৰ প্ৰদান কৰাৰ বিপৰীতে চাৰিকড়িয়া, ঢকুৱাখনা খণ্ড আৰু আবেষ্টনীৰ ভূমি সম্পূর্ণ সংৰক্ষণমুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ঠিক সেইদৰে বিগত 4 নৱেম্বৰতঅনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য জিলাৰ জনজাতীয় খণ্ড আৰু আবেষ্টনীৰ ভূমি সংৰক্ষণমুক্ত কৰি অজনজাতি লোকৰ মাজত কিনা-বেচা কৰাৰ অধিকাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যবসায়িক প্ৰতিষ্ঠান আৰু অসংৰক্ষিত জাতিৰ লোকক ভূমি হস্তান্তৰ কৰাৰ ক্ষেত্ৰত সম্পূর্ণ দিয়া হৈছে কৰ্তৃত্ব জিলা উপায়ুক্তসকলক ।

ইয়াৰোপৰি, অসম ভূমি নীতি 2019(Assam Land Policy 2019)ৰ 17.5 নং দফা সম্পূর্ণৰূপে বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এনে সিদ্ধান্তৰ দ্বাৰা জনজাতীয় খণ্ড আৰু আবেষ্টনীৰ ভূমিসমূহ অবাধে হস্তান্তৰ কৰি জনজাতীয় লোকসকলক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰ কৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সভাই ৷

এই ক্ষেত্ৰত সদৌ অসম ট্ৰাইবেল সংঘৰ নেতৃত্বত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি, অসমৰ দ্বাৰা 10 নৱেম্বৰত গ্ৰহণ কৰা সিদ্ধান্তলৈ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ তৰফৰ পৰা পূর্ণ সমর্থন জনোৱাৰ লগতে 22 নৱেম্বৰৰ জিলা ভিত্তিত গণধর্ণা কার্যসূচীৰ প্ৰতি পূর্ণ সমর্থন জনোৱাৰ কথাও সংবাদমেলযোগে ঘোষণা কৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই ।

উক্ত কার্যসূচীত সভাৰ অন্তর্ভুক্ত 8 জনজাতীয় সাহিত্য সভাৰ জিলা আৰু আঞ্চলিক সমিতিসমূহৰ নিজ নিজ জিলাত কার্যসূচীত অংশগ্ৰহণৰ বাবে আহ্বান জনায় । আনহাতে, অসমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে 8 ছেপ্তেম্বৰত প্ৰকাশিত বিজ্ঞাপন অনুসৰি 2272 টা পদ ভৈয়াম জনজাতি আৰু 197 পদ পাহাৰীয়া জনজাতিৰ প্ৰার্থীৰ বাবে সংৰক্ষণ কৰি ৰখা হৈছে ।

লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বাবে দশম শ্ৰেণীলৈকে অসমীয়া আৰু বঙালী ভাষা বাধ্যতামূলক কৰা হৈছে । যাৰ ফলত বড়ো আৰু গাৰো মাধ্যমত শিক্ষাগ্ৰহণ কৰা প্ৰার্থীসকল এই পদত আবেদন কৰাৰ পৰা বঞ্চিত হ’ব বুলি সভাই আশংকা প্ৰকাশ কৰে ।সেয়েহে ভৈয়াম আৰু পাহাৰীয়া জনজাতিৰ প্ৰার্থীৰ ক্ষেত্ৰত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে সভাই সংবাদমেলযোগে দাবী জনায় ।

অসম আৰক্ষীৰ লিখিত পৰীক্ষাত কেৱল অসমীয়া ভাষাৰ পৰিৱৰ্তে প্ৰশ্নকাকত প্ৰতিটো ভাষা অথবা মাধ্যমত প্ৰস্তুত কৰাৰ বাবেও দাবী উত্থাপন কৰে । বিগত 13 আৰু 14 নৱেম্বৰত হোজাই জিলাৰ ডেকাবস্তি আৰু পাগলাবস্তিৰ মুঠ 94 টা গাৰো জনজাতিৰ পৰিয়ালক চৰকাৰে উচ্ছেদ কৰা কার্যক খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা অসমৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ লগতে উক্ত খিলঞ্জীয়া গাৰোসকলক উপযুক্ত ক্ষতিপূৰণসহ বর্তমানৰ বসতিস্থানতে সংস্থাপিত কৰাৰ দাবী জনায় খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই ৷

লগতে পঢ়ক : অসম সাহিত্য সভা ভৱনত উন্মোচন সাহিত্য সভাৰ তিনিখন গ্ৰন্থ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.