Encounter in Karbi Anglong: কেনেকৈ আৰক্ষীৰ জালত পৰিল ডেনিয়েল টেৰণ ?

author img

By

Published : Aug 3, 2022, 7:07 PM IST

Encounter in Karbi Anglong

বকলীয়াঘাট থানা এলেকাত একাংশ লোকক KULA সংগঠনটোৰ নামত ধনদাবী কৰাৰ এক গোচৰৰ ভিত্তিত ডিফুৰ ছাৰ হাঞ্চে গাঁৱৰ থেমটং হাঞ্চে ওৰফে আৰাক ইজাং আৰু বকলীয়াঘাটৰ পৰা প্ৰণৱ তিমুঙ নামৰ লোক দুজনক সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰে (New militant group in Karbi Anglong)৷

ডিফু, 3 আগষ্ট : যোৱা নিশা মাঞ্জা থানা এলেকাৰ লাংভুকুত আৰক্ষীৰে সৈতে হোৱা গুলীয়াগুলীত KULA নামৰ নৱ গঠিত সংগঠনটোৰ অধ্যক্ষ ডেনিয়েল টেৰণ ওৰফে আহত হয় (Encounter in Karbi Anglong) ৷ এই সন্দৰ্ভত কাৰ্বি আংলঙৰ উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাই এক সংবাদ মেল সম্বোধন কৰি সমস্ত ঘটনা সন্দৰ্ভত বৰ্ণনা কৰে ৷ তেওঁ কয় যে, বকলীয়াঘাট থানা এলেকাত একাংশ লোকক KULA সংগঠনটোৰ নামত ধনদাবী কৰাৰ এক গোচৰৰ ভিত্তিত ডিফুৰ ছাৰ হাঞ্চে গাঁৱৰ থেমটং হাঞ্চে ওৰফে আৰাক ইজাং আৰু বকলীয়াঘাটৰ পৰা প্ৰণৱ তিমুং নামৰ লোক দুজনক সোধপোছৰ বাবে আৰক্ষীয়ে আটক কৰে (New militant group in Karbi Anglong)৷

কেনেকৈ আৰক্ষীৰ জালত পৰিল ডেনিয়েল টেৰণ ?

দুয়োৰে মোবাইল ফোনৰ ছীম কাৰ্ড আৰু অডিঅ' ৰেকৰ্ডিং পৰীক্ষা কৰোতে Karbi United Liberation Army চমুকৈ KULA ৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত কেতবোৰ আপত্তিজনক নথি-পত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ আৰক্ষীৰ আগত থেমটং হাঞ্চেই নিজকে সংগঠনটোৰ বিত্তীয় সচিব আৰু প্ৰণৱ তিমুং ওৰফে চেদামং টুনগানে নিজকে সংগঠনটোৰ সচিব বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷ পিচতে পিছত দুয়োকে ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰা হয় বুলি কয় নাহিদ কৰিশ্মাই ৷

আনহাতে, এই ঘটনা সন্দৰ্ভত বিশেষ তথ্যৰ ভিত্তিত কালি নিশা জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত মাঞ্জা থানা এলেকাৰ লাংভুকুৰ ওচৰত সংগঠনটোৰ বিৰুদ্ধে কেইবাঠাইত আৰক্ষীয়ে এম্বুশ পাতে ৷ নিশা চাৰিমান বজীত এলেকাটোত সন্দেশযুক্ত গতি-বিধি লক্ষ্য কৰি আৰক্ষীয়ে ৰখিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু ওলোটাই সন্দেহযুক্ত লোককেইজনে আৰক্ষীৰে গুলীয়াগুলীত লিপ্ত হয় ৷ আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয় ৷

পুৱাৰ ভাগত ঘটনাস্থলীৰ পৰা সংগঠনটোৰ এজন লোক আহত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে ৷ আহত লোকজন ডেনিয়েল টেৰণ বুলি আৰক্ষীয়ে চিনাক্ত কৰে আৰু থানাৰ ৰেকৰ্ডৰ মতে আহত লোকজনেই সংগঠনটোৰ অধ্যক্ষ ডেনিয়েল টেৰণ ওৰফে ডিপি ক্ৰাংজাং ৷ পিছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা পইন্ট 22 পিস্তল, সজীৱ গুলী, ধনদাবী পত্ৰ, এটা AK মেগজিন, সেনাৰ পোচাক, চীল-মোহৰ আৰু চিম কাৰ্ডসহ ম'বাইল হেণ্ডচেট জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : KULA militant group : কাৰ্বি আংলঙত নতুন বিদ্ৰোহী সংগঠনৰ আত্ম প্ৰকাশ; আৰক্ষীৰ জালত তিনি কেডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.