ভংগ হ’ল পিডিচিকে: সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কথা ভবা নাই সংবিজিতে

author img

By

Published : Sep 18, 2021, 6:42 PM IST

karbi extremist group pdck closes its activity officially

চাৰি বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাই ভংগ কৰা হ'ল পিডিচিকে ৷ কাৰ্বি শান্তি চুক্তি অনুসৰি পৰিষদৰ ৪৪ খন আসনৰ দহখন সকলোৰে প্ৰতিদ্বন্দ্বীতাৰ বাবে মুকলি কৰি দিয়াৰ প্ৰসংগক লৈ জিলাখনত প্ৰতিবাদমূখৰ পৰিৱেশ সৃষ্টি হোৱা সন্দৰ্ভত সংবিজিত ইংতিয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷

ডিফু, ১৮ ছেপ্টেম্বৰ : তিনি পাৰ্বত্য জিলাক সাঙুৰি ভাৰতীয় সংবিধানৰ ২৪৪(ক)ৰ অধীনত এখন স্বায়ত্ত ৰাজ্য গঠন কৰাৰ লক্ষৰে গঠন হোৱা পিপ’ল ডেমক্ৰেটিক কাউঞ্চিল অফ কাৰ্বি লংৰি চমুকৈ পিডিচিকেই ইয়াৰ চাৰিবছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ অৱসান ঘটাই শনিবাৰে ডিফুত পিডিচিকে সংগঠনটো আনুষ্ঠানিক ভাৱে ভংগ হোৱাৰ কথা ঘোষণা কৰে ৷ যোৱা চাৰি ছেপ্টেম্বৰত নতুন দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে শান্তিচুক্তিত স্বাক্ষৰ কৰা কাৰ্বি আংলং জিলাৰ বিদ্ৰোহী সংগঠনসমূহৰ অন্যতম পি ডি চি কেই অৱশেষত আনুষ্ঠানিকভাৱে সংগঠনটো ভংগ হোৱা বুলি ঘোষণা কৰিছে ।

ভংগ হ’ল পিডিচিকে : সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কথা ভবা নাই সংবিজিতে

ডিফুৰ ফাৰ্মাৰ্ছ গ্ৰউথ চেন্টাৰত শনিবাৰে এক সংবাদমেলৰ আয়োজন কৰি সংগঠনটোৰ মুখ্য সৈনাধ্যক্ষ জে কে লিজাং ওৰফে সংবিজিত ইংতি কাথাৰে এই কথা ঘোষণা কৰে । স্বাক্ষৰিত হোৱা চুক্তিখনত সংগঠনটোৰ ৭৫ শতাংশ দাবীয়েই চৰকাৰে মানি লোৱা বুলি দাবী কৰি নেতাগৰাকীয়ে চুক্তিখনক লৈ সংগঠনটো সন্তুষ্ট হোৱা বুলি অৱগত কৰে । আনহাতে, চুক্তি অনুসৰি পৰিষদৰ ৪৪ খন আসনৰ দহখন সকলোৰে প্ৰতিদ্বন্দ্বীতাৰ বাবে মুকলি কৰি দিয়াৰ প্ৰসংগক লৈ জিলাখনত প্ৰতিবাদমূখৰ পৰিৱেশ সৃষ্টি হোৱা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন বিদ্ৰোহী নেতাগৰাকীয়ে দহখন আসন মুকলি কৰি ৰখাৰ বাবেহে ৩৪ খন আসনত সংৰক্ষণ সম্ভৱ হোৱা বুলি মন্তব্য কৰে ৷

লগতে ইয়াৰ জৰিয়তে জিলাখনৰ সকলো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । অনাগত দিনত জিলাখনৰ সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ সন্দৰ্ভত এতিয়ালৈকে বিশেষ চিন্তা-চৰ্চা কৰা হোৱা নাই বুলি নেতাগৰাকীয়ে উল্লেখ কৰে । সংবাদমেলখনত সংবিজিত ইংতিৰ লগতে সংগঠনটোৰ উপ-সভাপতি কংকাট টেৰণ আৰু নংৱে টুংজাং উপস্থিত থাকে।

লগতে পঢ়ক : দলৰ মজিয়াত অপমানিত হোৱাৰ বাবেই পদত্যাগ কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.