KAAC and OIL signs bilateral agreement : কাৰ্বি পাহাৰৰ খাৰুৱা তেলৰ বিনিময়ত কি দিব অইলে ?

author img

By

Published : Nov 25, 2021, 8:02 PM IST

karbi-anglang-autonomus-council-and-oil-signs-bilateral-agreement

কাৰ্বি আংলঙৰ ভূ-গৰ্ভত ওলাল খাৰুৱা তেল ৷ ইয়াৰ পিছতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু অইল ইণ্ডিয়াৰ মাজত সম্পন্ন হ’ল দ্বিপাক্ষিক চুক্তি(Karbi anglang autonomus council and OIL signs bilateral agreement) ৷ জানো আহক কি কি আছে এই চুক্তিত ?

ডিফু, ২৪ নবেম্বৰ : পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ভূ-গৰ্ভৰ পৰা খাৰুৱা তেলৰ সংগ্ৰহৰ বাবে বুধবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু অইল ইণ্ডিয়াৰ মাজত এখন দ্বিপাক্ষিক চুক্তি সম্পন্ন হয়(Karbi anglang autonomus council and OIL signs bilateral agreement) ৷ কাৰ্বি আংলং জিলাৰ ধনশিৰি আৰু দলদলি এলেকাৰ ভূ-গৰ্ভত খাৰুৱা তেলৰ সন্ধান উলিয়াইছে অইল ইণ্ডিয়া লিমিটেডে(OIL finds crude oil in Karbi anglang) ৷

উল্লেখযোগ্য যে, কাৰ্বি আংলং জিলাৰ ধনশিৰি সংৰক্ষিত বনাঞ্চল আৰু দলদলি তিমুং বস্তিত খাৰুৱা তেলৰ সন্ধানত কেইবাবছৰ আগৰ পৰাই তেল আৰু প্ৰাকৃতিক গেছ নিগমে জৰীপ চলাইছিল (ONGC's survey in search of crude oil) ৷ এই জৰীপৰ অন্তত এন ই এল পি ব্লক এ এ অন ২০১০/২ ৰ ৩৯৬ বৰ্গ কিলোমিটাৰ এলেকাত খাৰুৱা তেলৰ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে ৷ এই এলেকাৰ ভূ-গৰ্ভত থকা খাৰুৱা তেল আৰু গেছ সংগ্ৰহৰ বাবে আজি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ পুৰণি সচিবালয়ৰ সভাকক্ষত এক বৈঠক অইল ইণ্ডিয়া আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মাজত এক বৈঠক সম্পন্ন হয় ।

KAAC and OIL signs bilateral agreement : কাৰ্বি পাহাৰৰ খাৰুৱা তেলৰ বিনিময়ত কি দিব অইলে ?

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে’, বিধায়ক বিদ্যাছিং ইংলেং, ৰূপছিং টেৰণ, কাৰ্যবাহী সদস্য, পৰিষদৰ প্ৰধান সচিব আৰু আন আন সচিব সকল পৰিষদৰ হৈ আৰু অইলৰ হৈ কাৰ্যবাহী সঞ্চালক ডঃ মানস কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত কাৰ্যবাহী সঞ্চালক ইন্দ্ৰজিৎ বৰুৱা, মুখ্য মহাপ্ৰবন্ধক অজিত কুমাৰ বৰুৱা, মহাপ্ৰবন্ধক খনিন বুঢ়াগোহাঁই, উপ মহাপ্ৰবন্ধক গৌতম হাজৰিকা আৰু প্ৰৱন্ধক ৰণজিৎ দাসে অংশগ্ৰহণ কৰে ৷

এই সকলোৰে উপস্থিতিত পৰিষদৰ মুখ্য সচিব মুকুল কুমাৰ শইকীয়া আৰু অইলৰ কাৰ্যবাহী সঞ্চালক মানস কুমাৰ শৰ্মাই দ্বি-পাক্ষিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ দুবছৰৰ বাবে পৰিষদৰ লগত অইলে এই চুক্তি কৰিছে ৷ এই চুক্তি অনুসৰি অইলে বনাঞ্চলৰ ভূমি আৰু ব্যক্তিগত ভূমিৰ বাবদ দিব লগা ক্ষতিপূৰণ পৰিষদক জমা দিব ৷ পৰিষদে যিমান সোনকালে পাৰে অইলক খননৰ বাবে ভূমি প্ৰদান কৰিব ৷ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তিনিদিনৰ ভিতৰত সেয়া কৰিব বুলি কয় ৷

ৰংহাঙে সংবাদ মাধ্যমৰ আগত কাৰ্বি পাহাৰত অইলৰ ঠিকা আৰু নিযুক্তি পৰিষদৰ জৰিয়তে হে হ’ব বুলি কয়(OIL recruitment in Karbi hills) ৷ মাহে ৫ কোটি টকাৰ ৰাজহ ৰাজ্য চৰকাৰৰ লগত আলোচনা মৰ্মে পৰিষদে লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে ৷ যদিহে কাৰ্বি পাহাৰত বৃহৎ তেলৰ ভাণ্ডাৰ উদ্ধাৰ হয়, তেন্তে ভাৰত চৰকাৰৰ অনুমতি সাপেক্ষে হয়তো পাইপ লাইন বহুৱাই তেল নিয়া হ’ব পাৰে ৷ এই বুজা-বুজিৰ চুক্তিত অইলে স্থানীয় এলেকাৰ উন্নয়ন কৰাকে ধৰি আৰু বহু কথা সন্নিবিষ্ট হয় ।

লগতে পঢ়ক : Agricultural Project at Gorukhuti : গুজৰাটৰ পৰা অসমলৈ অনা হৈছে 108 জনী গীৰ গাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.