Financial assistance to martyred family: শ্বহীদ পৰিয়াললৈ সাহাৰ্য কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ

author img

By

Published : Dec 7, 2021, 9:49 PM IST

KAAC

কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ আদৰণীয় পদক্ষেপ । বিভিন্ন সময়ত শ্বহীদ হোৱা কাৰ্বি আংলঙৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিলে স্বায়ত্ত্ব শাসিত পৰিষদে (Financial assistance to martyred families of Karbi Anglong)। মঙলবাৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত শ্বহীদ পৰিয়ালক প্ৰদান কৰা হয় ৫ লাখকৈ টকাৰ চেক ।

ডিফু,৭ ডিচেম্বৰ : কাৰ্বি আংলঙৰ শ্বহীদ পৰিয়াললৈ বিশেষ সাহায্য আগবঢ়ালে কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদে (Financial assistance to martyred families of Karbi Anglong)। স্বায়ত্ত্ব শাসিত ৰাজ্যৰ নামত প্ৰাণ আহুতি দিয়া শ্বহীদৰ পৰিয়ালক ৫ লাখকৈ টকাৰ চেক প্ৰদান কৰিলে পৰিষদে । কাৰ্বি আংলঙত বিভিন্ন সময়ত হোৱা সংঘাতৰ ফলত কাৰ্বি, ডিমাচা, কুকি, ৰেংমা নগা আদি লোকসকল নিহত হ'বলগীয়া হৈছিল । সেই নিৰীহ লোকসকলৰ ত্যাগক স্মৰণ কৰি চৰকাৰে প্ৰদান কৰিছে এই সাহায্য ।

শ্বহীদ পৰিয়াললৈ সাহাৰ্য কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ

মঙলবাৰে পৰিষদৰ পুৰণি সচিবালয়ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত শ্বহীদৰ পৰিয়ালক প্ৰদান কৰা হয় এই এককালীন সাহায্যৰ চেক । মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত মুঠ ২৭ গৰাকী শ্বহীদৰ পৰিয়ালক কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে প্ৰদান কৰে এই আৰ্থিক সাহায্য । ইয়াৰ লগতে কোনো কাৰণত যদি কোনো শ্বহীদ পৰিয়াল এই সাহায্যৰ পৰা বঞ্চিত হৈছে তেওঁলোককো এই মাহৰ ভিতৰতে সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

অনুষ্ঠানত উপস্থিত থাকি জিলাবাসীক আগন্তুক দিনত শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায় মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে । তেওঁৰ মতে সকলোৱে শান্তি-সম্প্ৰীতিৰে থাকিলেহে জিলাখনৰ উন্নয়ন সম্ভৱ হ'ব ।

লগতে পঢ়ক:KAAC and OIL signs bilateral agreement : কাৰ্বি পাহাৰৰ খাৰুৱা তেলৰ বিনিময়ত কি দিব অইলে ?

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.