Illicit liquor seized at Diphu : 25 কাৰ্টন অবৈধ সুৰাসহ আটক 6 জন

author img

By

Published : Nov 29, 2021, 4:39 PM IST

Illicit Liquor Seized at Diphu

ড্ৰাগছৰ বিৰুদ্ধে বোকাজান মহকুমা আৰক্ষীৰ ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ পাছত এইবাৰ আৰম্ভ কৰিছে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান । ডিলাই আৰক্ষীয়ে দুটা দিনত প্ৰায় 39 কাৰ্টন অবৈধ সুৰা জব্দ(Illicit liquor seized at Diphu) কৰে ৷

ডিফু, 28 নৱেম্বৰ : বোকাজান মহকুমা ডিলাই আৰক্ষীয়ে শনিবাৰে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ(Karbi Anglong police operation against liquor) কৰে ৷ আৰক্ষীয়ে সুৰাখিনি জব্দ কৰাৰ লগতে মুঠ ছয়জন লোকক আটক(Illicit liquor mafia arrested) কৰিবলৈ সক্ষম হয় ৷

ডিলাই আৰক্ষীয়ে অভিযানৰ সময়ত প্ৰায় ২৫ কাৰ্টন অবৈধ সুৰা জব্দ কৰে ৷ সৰবৰাহকাৰীকেইটাই এখন যাত্ৰীবাহী অ'ট ৰিক্সা আৰু ৱেগনাৰ বাহনত কঢ়িয়াই আনিছিল সুৰাৰ কাৰ্টনসমূহ । অ'টখনৰ পঞ্জীয়ন নম্বৰ AS-09A-C-8614 আৰু ৱেগনাৰখনৰ নম্বৰ হৈছে AS-01B-A-2293 ৷

সুৰাখিনি শুকানজানৰ "মুন লাইট" সুৰাৰ বিপনি এখনৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ লৈ যোৱা হৈছিল বুলি জানিব পৰা হৈছে । উল্লেখ্য যে, শুকুৰবাৰেও ডিলাই আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১৪ কাৰ্টন অবৈধ সুৰা জব্দ কৰিছিল ৷ ডিলাই আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Burmese Cigarettes Seized : চিগাৰেট সহ আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.