খটখটীত অবৈধ ইউৰিয়া ভৰ্তি পাঁচখন ট্ৰাক জব্দ

author img

By

Published : Sep 13, 2022, 9:25 PM IST

Illegal urea fertilizer seized at Khotkhoti

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল খটখটীত ট্ৰাকে ট্ৰাকে উদ্ধাৰ হৈছে অবৈধভাৱে সৰবৰাহ কৰা হৈছে ৰাসায়নিক সাৰ (Illegal urea fertilizer in Assam ) ৷ বিহাৰ, হাৰিয়ানা, ঝাৰখণ্ড আদি ঠাইৰ পৰা আমদানি কৰা হৈছিল এই বৃহৎ পৰিমানৰ ইউৰিয়াখিনি ৷

ডিফু, 13 ছেপ্টেম্বৰ: অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল খটখটীত ট্ৰাকে ট্ৰাকে উদ্ধাৰ হৈছে অবৈধভাৱে সৰবৰাহ কৰা ৰাসায়নিক সাৰ (Illegal urea fertilizer in Assam) ৷

সোমবাৰে নিশা কাৰ্বি আংলং জিলাৰ খটখটী আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত ইউৰিয়া কঢ়িয়াই অনা পাঁচখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় (Illegal urea fertilizer seized at Khotkhoti ) ৷ লগতে আৰক্ষীয়ে এই অভিযানত 6 টা সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় (6 smuggler arrested at Khotkhoti) ৷

আৰক্ষীয়ে জব্দ কৰা ইউৰিয়া ভৰ্তি ট্ৰাককেইখনৰ নম্বৰ ক্ৰমে এন এল -01-এচি-2293, বি আৰ-02-ডব্লিউ-5395, বি আৰ-26-জিএ-5367, এন এল -01-কিউ-7673 আৰু জে এইচ-12-জি-2126 ৷ জব্দ কৰা বাৰ চকীয়া, চৈধ্য চকীয়া আৰু বাইশচকীয়া ট্ৰাক কেইখনৰ পৰা মুঠ 3800 বস্তা ইউৰিয়া জব্দ কৰা বুলি জানিব পৰা গৈছে ৷ বিহাৰ, হাৰিয়ানা, ঝাৰখণ্ড আদি ঠাইৰ পৰা আমদানি কৰা হৈছিল এই বৃহৎ পৰিমানৰ ইউৰিয়াখিনি ৷

অবৈধ ইউৰিয়া ভৰ্তি পাঁচখন ট্ৰাক জব্দ

এই ইউৰিয়াখিনি জব্দ কৰাৰ পিছতে ডিফুৰ পৰা কৃষি বিভাগৰ লোক আহি উপস্থিত হৈ সাৰখিনি পৰীক্ষা কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি জব্দ হোৱা সাৰখিনিৰ বজাৰ মূল্য প্ৰায় দহ লাখ টকা ৷ সম্প্ৰতি সৰবৰাহকাৰীকেইটাক আৰক্ষীৰ জিম্মাত ৰখা হৈছে ৷ এই সমগ্ৰ বিষয় সন্দৰ্ভত সৰবৰাহকাৰীকেইটাক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: গাঞ্জাসহ বৰপেটাত গ্ৰেপ্তাৰ মহিলাসহ তিনি গাঞ্জা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.