প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ বিনামূলীয়া চাউল বিতৰণ

author img

By

Published : Oct 20, 2021, 8:39 AM IST

rice distribution to bpl beneficiaries at diphu

ডিফুত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি(PM Garib Kalyan Anna Yojana) ৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক বিনামূলীয়া চাউল বিতৰণ(Free Rice Distribution) ৷ ডিফুৰ সমবায় সমিতিসমূহৰ পাইকাৰী বিক্ৰী কেন্দ্ৰত আয়োজিত চাউল বিতৰণী অনুষ্ঠানত অংশ লয় কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে(Tuliram Ronghang) ৷

ডিফু, 20 অক্টোবৰ : প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি(PM Garib Kalyan Anna Yojana)ৰ অধীনত মঙলবাৰে কাৰ্বি আংলং জিলাৰ ডিফুত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ মাজত বিনামূলীয়া চাউল বিতৰণ(Free Rice Distribution) কৰা হয় ৷ মঙলবাৰে ডিফুৰ সমবায় সমিতিসমূহৰ পাইকাৰী বিক্ৰীকেন্দ্ৰত আয়োজিত বিতৰণী অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে(Tuliram Ronghang) দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ মাজত বিনামূলীয়া চাউল বিতৰণ কাৰ্যৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Modi)য়ে দুখীয়া-দৰিদ্ৰসকলৰ সমস্যা সমাধানৰ স্বাৰ্থত বাজেটত 1 লাখ 70 হাজাৰ কোটি টকা ধাৰ্য কৰিছে ৷ সেয়েহে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিৰ অধীনত প্ৰতিটো দৰিদ্ৰ পৰিয়ালক প্ৰদান কৰা হ’ব বিনামূলীয়া চাউল ৷

ডিফুত দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীক বিনামূলীয়া চাউল বিতৰণ

আনহাতে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মনোনীত সদস্য অজিত দে-এ প্ৰধানমন্ত্ৰী মোডীয়ে ক’ভিড 19(Covid 19) মহামাৰীৰ প্ৰকোপত পৰি বিধ্বস্ত হৈ পৰা সাধাৰণ জনতাক আৰম্ভণিৰ পৰাই বিনামূলীয়া চাউল, দালি, তেল আদি বিতৰণ কৰি সকাহ প্ৰদান কৰি অহা বুলি সদৰী কৰে ৷ চলিত বৰ্ষতো ক’ভিডৰ দ্বিতীয় লহৰৰ সময়ত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰতিটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীক 5 কেজিকৈ চাউল বিতৰণ কৰা হৈছে ৷

ইয়াৰ লগতে দৰিদ্ৰ পৰিয়ালক প্লাষ্টিক বৰ্জন কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সম্বলিত এক বিশেষ মোনা প্ৰদান কৰা পৰিলক্ষিত হৈছে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে পূৱ কাৰ্বি আংলঙৰ বিজেপি সভাপতি ধনছিং টেৰণ, বিধায়ক বিদ্যাছিং ইংলেং, ইএম ৰতন টেৰণৰ লগতে কেইবাগৰাকীও বিষয়া-কৰ্মকৰ্তা ৷

লগতে পঢ়ক : সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে পুনৰ দাখিল কৰা হ’ল এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.