মাঞ্জাত ধনদাবীৰ গোচৰত এজনক আটক

author img

By

Published : Sep 24, 2022, 10:39 PM IST

extortion case at manja

ধনদাবী কৰি ৰঙাঘৰৰ আলহী হ'ল এজন(Man arrested in Manja for extortion case) । ২২ ছেপ্টেম্বৰত নিশাৰ ভাগত মাঞ্জাৰ ৰংপ্লিমপ্লামত এগৰাকী ব্যক্তিৰ ঘৰত সোমাই ধনদাবী কৰিছিল ধৃত লোকজনসহ তিনি চাৰিজনীয়া এটা দলে ।

ডিফু,২৪ ছেপ্টম্বৰ: মাঞ্জাত ধনদাবীৰ গোচৰত আৰক্ষীয়ে আটক কৰে এজনক(Man arrested in Manja for extortion case) । যোৱা ২২ ছেপ্টেম্বৰত মাঞ্জা থানাৰ সমীপৰ ৰংপ্লিমপ্লামত সংঘটিত হৈছিল এক ধন দাবীৰ ঘটনা । অঞ্চলটোৰ এলবি ৰায় গাঁৱৰ নিৱাসী পদ্ম বাহাদুৰ ৰায়ৰ ঘৰত তিনি চাৰিজনীয়া এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি ৰায়ৰ লগতে তেওঁৰ বন্ধু জনৈক সন্তুষক বন্দুক দেখুৱাই ডকাইতিৰ চেষ্টা চলাইছিল (Miscreants tried to commit robbery) ।

দলটোৱে দুয়োকে চকু আৰু হাত বান্ধি গাঁওখনৰ পৰা কিছু দূৰলৈ লৈ যায় আৰু দুয়োৰে মোবাইল দুটা কাঢ়ি লৈ ডেৰ লাখ টকা দাবী কৰি শীঘ্ৰে ধনৰ যোগান ধৰাৰ নিৰ্দেশ দি এৰি দিয়ে । ঘটনা সন্দৰ্ভত দুয়োগৰাকীয়ে মাঞ্জা আৰক্ষীক অৱগত কৰে ।

সেইমৰ্মে মাঞ্জা আৰক্ষীয়ে ২৩ ছেপ্টেম্বৰত এক অভিযান চলাই ঘটনাৰ লগত জড়িত ৰাহুল ৰংপি নামৰ এটা দুৰ্বৃত্তক নিজ বাসগৃহৰ পৰা আটক কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ পৰা গৈছে । কিন্তু বৰ্তমানেও আৰক্ষীৰ জালত পৰা নাই ঘটনাত জৰিত বাকীকেইটা দুষ্কৃতিকাৰী । ঘটনা সংক্ৰান্তত অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: কৰিমগঞ্জত ৫০ লাখ টকাৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.