কাৰ্বি আংলঙত আনুষ্ঠানিকভাৱে কয়লা খনন প্ৰক্ৰিয়াৰ শুভাৰম্ভ

author img

By

Published : Sep 22, 2022, 10:13 PM IST

Coal mining process officially launched in Karbi Anglong

বিভিন্ন প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ কাৰ্বি আংলং জিলাত বৃহস্পতিবাৰে খনি আৰু খনিজ বিভাগৰ উদ্যোগত আনুষ্ঠানিকভাৱে খনন প্ৰক্ৰিয়াৰ শুভাৰম্ভ হয় (Coal mining process officially launched) । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে খননৰ শুভাৰম্ভ কৰে ।

ডিফু, 22 ছেপ্টেম্বৰ: বিভিন্ন প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ কাৰ্বি আংলং জিলাত বৃহস্পতিবাৰে খনি আৰু খনিজ বিভাগৰ উদ্যোগত আনুষ্ঠানিকভাৱে খনন প্ৰক্ৰিয়াৰ শুভাৰম্ভ হয় (Coal mining process officially launched) । জিলাখনৰ কয়লামাটি বে’ গাঁও ব্লক-3ত এই খননকাৰ্যৰ শুভাৰম্ভ কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।

এই উদ্দেশ্যে আয়োজিত এখন সভাত অংশগ্ৰহণ কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে অলপতে অসম চৰকাৰ আৰু পৰিষদীয় চৰকাৰৰ মাজত খনি সম্পৰ্কীয় বুজাবুজিৰ চুক্তি সম্পাদন হোৱা বুলি উল্লেখ কৰে ৷ লগতে ইয়াৰ ফলত সম্প্ৰতি পৰিষদ আৰু অসম চৰকাৰে 60:40 অনুপাতত ৰাজহ লাভ কৰিব বুলিও সদৰি কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

কাৰ্বি আংলঙত আনুষ্ঠানিকভাৱে কয়লা খনন প্ৰক্ৰিয়াৰ শুভাৰম্ভ

খনি আৰু খনিজ বিভাগৰ দ্বাৰা জিলাখনত খনন হʼবলগীয়া সন্দৰ্ভত জৰীপ অব্যাহত থকা বুলি মন্তব্য কৰি পৰৱৰ্তী এমাহৰ ভিতৰত এই সকলো বিষয় স্পষ্ট কৰিব পৰা যাব বুলি মত ব্যক্ত কৰে । তাৰোপৰি এই চুক্তি সন্দৰ্ভত জিলাখনত ৰাজহৰ পৰিমাণ ব্যাপক হাৰত বৃদ্ধি পাব বুলি মুখ্য কাৰ্যবাহী গৰাকীয়ে আশা প্ৰকাশ কৰে ।

অসম বিধানসভাৰ উপাধ্যক্ষ তথা বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে (Bokajan MLA Dr. Numal Momin) সভাখনত উপস্থিত থাকি জিলাখনত পূৰ্বে চোৰাংকৈ প্ৰাকৃতিক সম্পদৰ সৰবৰাহ কৰা হৈছিল যদিও এতিয়াৰে পৰা এই সকলো ৰাজহ চৰকাৰে লাভ কৰিব বুলি মন্তব্য কৰে ।

ইয়াৰ লগতে জিলাখনত সংগৃহীত ৰাজহৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে উন্নয়নৰ প্ৰক্ৰিয়াও ত্বৰান্বিত হʼব বুলি উপাধ্যক্ষগৰাকীয়ে আশা প্ৰকাশ কৰে । উল্লেখ্য যে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ পাঁচ স্থানত খননৰ কাম আৰম্ভ কৰা হৈছে ।

সভাখনত সাংসদ হৰেণছিং বেʼ, বিধায়ক বিদ্যাছিং ইংলেং, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্য, কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক: মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে সৰৱ গুৱাহাটীৰ তিনিগৰাকী বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.