Bokajan Police Search Operation : বোকাজান আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি মোবাইল ফোন-কেমেৰা, ৬ জনক আটক

author img

By

Published : Aug 6, 2022, 12:30 PM IST

Diphu

শুকুৰবাৰে বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ (Bokajan SDPO Jon Das operation against culprits) নেতৃত্বত বোকাজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰক্ষ্ম, উপ পৰিদৰ্শক ৰাফছানজনি আহমেদ, উপ পৰিদৰ্শক শান্তনু বৰা আৰু আৰক্ষী বাহিনীৰ সহযোগত অপৰাধীৰ বিৰুদ্ধে এক অভিযান চলায় ।

ডিফু, ৬ আগষ্ট : অপৰাধ আৰু অপৰাধীৰ এক প্ৰকাৰ ৰম্যভূমি কাৰ্বি আংলং জিলা । জিলাখনৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হয় বিভিন্ন অপৰাধজনিত ঘটনা । আনহাতে, ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত দ্ৰৱ্যৰো সৰবৰাহ তথা ব্যৱসায়ৰ লগত জড়িত বিভিন্ন অপৰাধীও জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীৰ জালত পৰিছে । ইয়াৰ উপৰি চুৰি-ডকাইতিৰ ঘটনাও সঘনাই সংঘটিত হৈ আহিছে জিলাখনত ।

তাৰ বিপৰীতে জিলাখনৰ আৰক্ষী প্ৰশাসনেও অপৰাধীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে (Karbi anglong police strict action against culprits) । অপৰাধী চক্ৰৰ বিৰুদ্ধে চলোৱা কাৰ্বি আংলং জিলাৰ আৰক্ষী তথা স্থানীয় থানাসমূহৰ অভিযানত কেইবাটাও গুৰুত্বপূৰ্ণ সফতা লাভ কৰা হৈছে ।

শুকুৰবাৰে বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ (Bokajan SDPO Jon Das operation against culprits) নেতৃত্বত বোকাজানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰক্ষ্ম, উপ পৰিদৰ্শক ৰাফছানজনি আহমেদ, উপ পৰিদৰ্শক শান্তনু বৰা আৰু আৰক্ষী বাহিনীৰ সহযোগত অপৰাধীৰ বিৰুদ্ধে এক অভিযান চলায় ।

ডিমাপুৰ ক্ৰাইম ব্ৰাঞ্চৰ (Dimapur Crime Branch) প্ৰত্যক্ষ সহযোগত চলোৱা এই অভিযানত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা বৃহৎ পৰিমাণৰ চুৰি এনড্ৰয়ড মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Large quantity of android mobile phone recovered) ৷ বোকাজান থানাৰ গোচৰ নং ৬৪/২০২২ ৰ ভিত্তিত চুৰি মোবাইল ফোনৰ IMEI অনুসন্ধানৰ ভিত্তিত বোকাজান, খটখটি আৰু ডিমাপুৰৰ বিভিন্ন অঞ্চলত অনুসন্ধান অভিযান চলাই চুৰি হোৱা ৩১ টা Android ফোন, এটা DSLR নিকন কেমেৰা (Nikon DSLR Camera) উদ্ধাৰ কৰাৰ লগতে চুৰি কাৰ্যৰ লগত জড়িত ৬ জন ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় (Police arrested six persons involving mobile phone theft) ৷

আটকাধীন চোৰকেইটা ক্ৰমে ডিমাপুৰৰ বাবলু দাস (২৮), ইটো আচুমি ওৰফে বিকি (৩২), খটখটীৰ চন্দন কুমাৰ শ্বাহ, শিৱসাগৰ সদৰৰ মাইনা কোঁৱৰ (২৭), চফিকুল আলী ওৰফে বাবু আলী ওৰফে কনিয়া (২৬), শিৱসাগৰ শিমলুগুৰি লেফটেনেণ্ট ৰাজু আলী, ভিল, মৰিয়নিৰ অক্ষয় দম ওৰফে বিৰাদ (২৭) ।

লগতে পঢ়ক :Cattle smuggling continues in Assam: বঙাইগাঁৱৰ মানিকপুৰত উদ্ধাৰ ১৬ টাকৈ গো-ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.