Assam eviction drive : ক্ষতিপূৰণ নিদিয়াকৈয়ে উচ্ছেদ কৰাৰ অভিযোগ উচ্ছেদিতৰ

author img

By

Published : Nov 27, 2021, 10:48 PM IST

assam-eviction-drive-2021-eviction-without-damage-refund

চাৰিলেনযুক্ত পথ নিৰ্মাণৰ নামত উচ্ছেদ ৷ ক্ষতিপূৰণ নিদিয়াকৈয়ে উচ্ছেদ কৰাৰ অভিযোগ উচ্ছেদিতৰ (allegation of Eviction without damage refund) ।

ডিফু, ২৭ নৱেম্বৰ : বোকাজানত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান । প্ৰশাসনৰ এই উচ্ছেদৰ পাছতেই উচ্ছেদিত লোকসকলে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকক ক্ষতিপূৰণ নিদিয়াকৈয়ে উচ্ছেদ কৰিছে কাৰ্বিআংলং স্বায়ত্ত্ব শাসিত পৰিষদে(Eviction without damage refund) । ফলত ইয়াৰ বাবে ক্ষোভিত হৈ পৰাৰ পৰিলক্ষিত হৈছে উচ্ছেদিত পৰিয়ালসমূহ ।

বোকাজান প্ৰশাসনে উচ্ছেদ অভিযান চলোৱা উচ্ছেদিত পৰিয়াল সমূহৰ মাটিৰ পাট্টা থকাৰ স্বত্তেও কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে মেপত উল্লেখ কৰিছে উচ্ছেদিত মাটিখিনি সংৰক্ষিত বনাঞ্চলৰ মাটি। যাৰ বাবে উচ্ছেদিত পৰিয়াল সমূহে তাৰ বিনিময়ত নাপায় কোনো ধৰণৰ ক্ষতিপূৰণ । আনহাতে, উচ্ছেদিত পৰিয়াল সমূহক কাৰ্বিআংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ ফালৰ পৰা কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াৰ অভিযোগ উচ্ছেদিত পৰিয়াল সমূহৰ(Eviction by KAAS without prior notice) ।

Assam eviction drive : ক্ষতিপূৰণ নিদিয়াকৈয়ে উচ্ছেদ কৰাৰ অভিযোগ উচ্ছেদিতৰ

ইফালে, পৰিষদৰ ৰাজহ বিষয়াই উচ্ছেদিত লোক সকলৰ অভিযোগ খণ্ডন কৰি কৈছে যে, ইতিমধ্যে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবত ক্ষতিপূৰণ হিচাপে দিয়া সম্পূৰ্ণ ধনৰাশি উচ্ছেদিত পৰিয়াল সমূহক আদায় দিয়া হৈছে(Revenue officer denies allegation of Eviction without damage refund) ।
লগতে পঢ়ক : Financial Crisis of Artists : আৰ্থিক দূৰৱস্থাত ভ্ৰাম্যমাণৰ জনপ্ৰিয় অভিনেতা কল্পকুমাৰ কাকতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.