বকলীয়াঘাটত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি

author img

By

Published : Sep 22, 2021, 11:08 AM IST

Ajycp

বকলীয়াঘাটৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি ৷ এজেৱাইচিপিয়ে দাহ কৰিলে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তি ৷

ডিফু, ২২ ছেপ্টেম্বৰ : বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে । অসমৰ বহু দল-সংগঠনে নদীবান্ধৰ (River Dam) কাম বন্ধ কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে । তেনে এক প্ৰতিবাদৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad) কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা আৰু সম্পাদক পলাশ চাংমাইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

Ajycp
বকলীয়াঘাটত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি

শীৰ্ষ নেতা দুজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে ক্ষোভিত হৈ পৰে সংগঠনটোৰ কৰ্মীসকল । এইবাৰ আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে বকলীয়াঘাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৰ কৰ্মীসকলে । মঙলবাৰে সন্ধিয়া প্ৰায় ৮.৩০ বজাত পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ব দাসৰ নেতৃত্বত সংগঠনটোৰ কৰ্মকৰ্তাসকলে বকলীয়াঘাট চাৰিআলিৰ মাজমজিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰে ।

অসম আৰক্ষী আৰু অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী AJYCP ৰ কৰ্মীসকলে । লগতে ৰাণাপ্ৰতাপ বৰুৱা আৰু পলাশ চাংমাইক বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনায় । এই সন্দৰ্ভত কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক অপূৰ্ব দাসে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা সংগঠনটোৰ নেতৃবৰ্গৰ ওপৰত আৰক্ষীৰ এনে দমনমূলক নীতিক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ।

লগতে পঢ়ক : দলঙৰ ধলপুৰত উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবী দৰং আমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.