কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ হ’ব অজিৎ দে’

author img

By

Published : Sep 11, 2022, 10:01 PM IST

Ajit Dey will be KACC Vice president

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হ’ব হাওৰাঘাট পৰিষদীয় সমষ্টিৰ সদস্য অজিৎ দে’ (Ajit Dey will be KACC Vice president) ৷

ডিফু, 11 ছেপ্টেম্বৰ: কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হ’ব হাওৰাঘাট পৰিষদীয় সমষ্টিৰ সদস্য অজিৎ দে’ (Ajit Dey will be KACC Vice president) ৷ শনিবাৰে আনুষ্ঠানিকভাৱে উপাধ্যক্ষ পদৰ বাবে মনোনয়নপত্ৰ দাখিল কৰে দে’য়ে ৷ ইয়াৰ পিছতেই মঙলবাৰে বিনা প্ৰতিদন্দিতাৰে অজিৎ দে’ পৰিষদৰ অধ্যক্ষ পদত নিৰ্বাচিত হোৱা বুলি ৰাজু তিচ’ৱে ঘোষণা কৰিব ৷

এগৰাকী সক্ৰিয় বিজেপি কৰ্মী হিচাপে দীৰ্ঘদিনৰ পৰা কাৰ্বি আংলং বিজেপি দলক নেতৃত্ব দি অহা অজিৎ দে’ক পৰিষদীয় নিৰ্বাচনত হাওৰাঘাট সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল ৷ প্ৰত্যাশিতভাৱে বিপুল ভোটৰ ব্যৱধানত জয়ী হয় অজিৎ দে’ ৷ তাৰ পিছৰে পৰাই পৰিষদৰ কাৰ্যবাহী সদস্য পদ দিয়াৰ বাবে বিজেপিৰ উচ্চ স্তৰৰ পৰা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক তীব্ৰ হেঁচা দিয়া হৈছিল (KAAC chief Tuliram Ranghang) ৷ যদিও সকলোৱে প্ৰথমেই অনুমান কৰিছিল যে অজিৎ দে’ক পৰিষদৰ উপাধ্যক্ষ পদ দিয়া হ’ব ৷

শনিবাৰে নিশা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনত হোৱা পৰিষদৰ সংসদীয় সমিতিৰ বৈঠকত অজিৎ দে’ক উপাধ্যক্ষ পদ দিয়াৰ সিদ্ধান্ত সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক: সাংবাদিক নিগ্ৰহ : দোষীক শাস্তি প্ৰদানৰ দাবী পূব গুৱাহাটী প্ৰেছ ক্লাৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.