দেওৰেকৰ হাতত চিপৰাঙৰ প্ৰহাৰত প্ৰাণ গ'ল নবৌৱেকৰ

author img

By

Published : Sep 20, 2021, 6:33 PM IST

A brutal murder in Bakliaghat karbi anglong

কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে ৷ মোবাইল ফোন ৰিচাৰ্জক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাজিয়াৰ চৰম পৰিণতিত প্ৰাণ হেৰুৱাব লগীয়া হয় দুটি কণ কণ শিশুৰ মাতৃয়ে ৷

ডিফু, ২০ ছেপ্তেম্বৰ: ঘৰুৱা কাজিয়াৰ পৰিণতিত কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, বকলীয়াঘাট থানাৰ অন্তৰ্গত ৰজাপথাৰ তিনি আলিত মোবাইল ফোন ৰিচাৰ্জক কেন্দ্ৰ কৰি বিষ্ণু বৰ্মণ নামৰ এজন যুৱকে নিজৰ নবৌৱেক মায়াৰাণী বৰ্মণৰ সৈতে কাজিয়াত লিপ্ত হয় ৷

কাজিয়াই ক্ৰমাৎ চৰম ৰূপ ধাৰণ কৰাত উন্মাদ ৰূপ লোৱা বিষ্ণু বৰ্মনে এডাল চিপৰাঙেৰে নিজ নবৌৱেকৰ মুৰত উপৰ্যুপৰি প্ৰহাৰ কৰে ৷ দেওৰেকৰ প্ৰহাৰত গুৰুতৰভাবে আহত মহিলাগৰাকীয়ে নিজ গৃহতে মৃত্যুক সাৱটি লয় ৷ আহত অৱস্থাত মহিলাগৰাকীৰ চিকিৎসাৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল বুলি অভিযোগ উত্থাপিত কৰিছে মায়াৰাণী বৰ্মণৰ নিজৰ মাতৃৰ লগতে আত্মীয়ই ৷

দেওৰেকৰ চিপৰাঙৰ প্ৰহাৰত প্ৰাণ গ'ল নবৌৱেকৰ

লগতে পঢ়ক: শিৱসাগৰ সমষ্টিৰ সামগ্ৰিক উন্নয়নক লৈ তৎপৰ অখিল গগৈ

হত্যাকাণ্ড সংঘটিত কৰিয়েই বিষ্ণু বৰ্মনে পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীয়ে পাচত বিষ্ণুক আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ যে, দুটি কণ কণ শিশুৰ মাতৃ মায়াৰাণী বৰ্মণৰ হত্যাকাণ্ডৰ সময়ত স্বামী কৰ্মসূত্ৰে নাগালেণ্ডৰ ডিমাপুৰত আছিল ৷

লগতে পঢ়ক: চাৰিদুৱাৰত এনকাউন্টাৰ: ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.