খটখটীত গাঞ্জা সহ আটক 1

author img

By

Published : Sep 24, 2021, 8:31 AM IST

AS10035#DIPHU#23/09/2021# GANJA SEIZED AT KHATKHATI

বৃহস্পতিবাৰে খটখটী থানাৰ অন্তৰ্গত খটখটী SBI ব্ৰাঞ্চৰ সন্মুখত চলোৱা নিয়মীয়া চালাচীত প্ৰায় 5 কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয় ৷ ধৃত সৰৱৰাহকাৰীজন গোলাঘাটৰ পোণাকণ শইকীয়া বুলি চিনাক্ত কৰা হৈছে ৷

ডিফু, 24 ছেপ্তেম্বৰ : অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শূণ্য সহনশীলতা দেখুৱালেও এতিয়াও সম্পূৰ্ণ অপৰাধ মুক্ত হৈ উঠা নাই ৰাজ্য ৷ এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত গিজগিজাই আছে ড্ৰাগছ মাফিয়াকে ধৰি চোৰাং ব্যৱসায়ী ৷ অসম-নাগালেণ্ডৰ কাৰ্বি আংলং জিলা সীমান্তক ড্ৰাগছ মাফিয়াই কঠোৰ নিৰাপত্তাৰ মাজতো ড্ৰাগছৰ সৰৱৰাহৰ বাবে নিৰাপদ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷

AS10035#DIPHU#23/09/2021# GANJA SEIZED AT KHATKHATI
গাঞ্জা সৰৱৰাহাকী পোণাকণ শইকীয়া

ইয়াৰ মাজতে বৃহস্পতিবাৰে খটখটী থানাৰ অন্তৰ্গত খটখটী SBI ব্ৰাঞ্চৰ সন্মুখত চলোৱা নিয়মীয়া চালাচীত প্ৰায় 5 কিলোগ্ৰাম গাঞ্জা জব্দ কৰা হয় ৷ ডিমাপুৰৰ পৰা কাৰ্বি আংলং অভিমুখে আহি থকা AS12AC3477 নম্বৰৰ এখন বাছত চলোৱা তালাচীত এজন যাত্ৰীৰ পৰা গাঞ্জাখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

ধৃত সৰৱৰাহকাৰীজন গোলাঘাটৰ পোণাকণ শইকীয়া বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে ধৃত পোনাকনক জেৰা অব্যাহত ৰাখিছে ৷

AS10035#DIPHU#23/09/2021# GANJA SEIZED AT KHATKHATI
খটখটীত গাঞ্জা জব্দ

উল্লেখ্য যে, অসমক নিচামুক্ত কৰাৰ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে সমগ্ৰ ৰাজ্যতে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল অসম আৰক্ষী ৷ ইতিমধ্যে কেইবাগৰাকীয়ো ড্ৰাগছ সৰৱৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ লগতে আৰক্ষীৰ এনকাউন্টাৰত আহত হৈছে বহু কেইগৰাকী ৷ কিন্তু ইয়াৰ পিছতো ৰাজ্যত চলি থকা ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ে ইয়াকে সূচায় যে মুখ্যমন্ত্ৰীৰ এই সপোন সাৰ্থক হ’বলৈ এতিয়াও বহুদূৰ বাট ৷

লগতে পঢ়ক : গৰুখুটিৰ ঘটনাৰ পিছত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰেপ্তাৰ কেমেৰামেন বিজয় বনিয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.