ৰঙিয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

author img

By

Published : Sep 21, 2022, 8:48 PM IST

temporary employees association protest in rangia

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ প্ৰতিবাদত কঁপিল ৰঙিয়া(Protest in Rangia) । চাকৰি নিয়মীয়া কৰা আৰু প্ৰাপ্য দৰমহা প্ৰদানৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে ।

ৰঙিয়া, ২১ ছেপ্টেম্বৰ: ৰঙিয়াত অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ(Protest in Rangia) । চাকৰি নিয়মীয়াকৰণৰ দাবীত চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অস্থায়ী কৰ্মচাৰীসকলে । চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি ব্যক্তিগতকৰণ কৰিব খোজাৰ বিৰোধিতা(Public Health Technical Department) ‌। লগতে অস্থায়ী কৰ্মচাৰীসকলক প্ৰতাৰণা কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে ।

চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য দৰমহাৰ দাবীত জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ ৰঙিয়া সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ চৌহদত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰিলে প্ৰতিবাদকাৰীয়ে(Protests demanding regularisation of jobs) । অতি শীঘ্ৰে অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাৰ দাবী মানি ল'বলৈ আহ্বান চৰকাৰক । অন্যথা এই ক্ষেত্ৰত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী হ’ব বুলি সকিয়াই দিয়ে ।

ৰঙিয়াত জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

উল্লেখ‍্য যে প্ৰায় এটা দশকতকৈও অধিক কাল পাম্প অপাৰেটৰ হিচাপে বিনা বেতনে কাম কৰি অহা কৰ্মচাৰীসকলে অনাগত দিনত হ'বলগীয়া আন্দোলনৰ বাবে চৰকাৰক জগৰীয়া কৰিছে । এইসকল কৰ্মচাৰীৰ বেছি ভাগেই এটা নিয়মীয়া চাকৰিৰ আশাত নিজৰ ম‍্যাদী পত্তাৰ মাটি পানী যোগান আঁচনি নিৰ্মাণ কৰিবলৈ চৰকাৰক দান কৰিছিল । কিন্তু অত বছৰৰ পিছতো এওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নহল ।

ইয়াৰ উপৰিও এইসকল কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি লাভ কৰা নাই বেতন । ২০১৩-২০১৪ বৰ্ষত কিছু সংখ্যক আঁচনিত কমিটি গঠন কৰি ছমাহৰ বাবে পাঁচ হাজাৰকৈ টকা দিয়া হৈছিল যদিও ছমাহৰ পিছত সেইখিনি মাননিও বন্ধ কৰি দিয়া হয় । মানবীয়তাৰ খাতিৰত ইমানদিনে কৰ্ম কৰি অহা এইসকল কৰ্মচাৰীয়ে এতিয়া নিজৰ উচিত প্ৰাপ্য বিচাৰি দাবী জনাইছে ।

এইসকল কৰ্মচাৰীৰ বেছিভাগৰেই বয়স প্ৰায় উকলি যোৱাৰ উপক্ৰম হোৱা বাবে অন্য কৰ্মসংস্থাপন বিচাৰাৰ বাবে এতিয়া উপায় নোহোৱাত পৰিছে । বছৰ বছৰ ধৰি চৰকাৰৰ দ্বাৰা শোষিত হৈ অহা এইসকল পাম্প অপাৰেটৰে চৰকাৰলৈ অনুৰোধ জনাইছে তেওঁলোকৰ প্ৰাপ্য আদায় দিবলৈ । অন‍্যথা অনাগত দিনৰ অনাহুত পৰিস্থিতিৰ বাবে চৰকাৰ জগৰীয়া হ'ব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: সুৰাৰ নিচাত পত্নীক হত্যাৰ চেষ্টা পাষাণ স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.