Citykart employee commits suicide: ৰঙিয়াত ব্যৱসায়িক প্ৰতিস্থানত কৰ্মৰত কৰ্মচাৰীৰ আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ

author img

By

Published : Jan 25, 2023, 9:02 AM IST

Suicide in rangia citykart

ৰঙিয়াত চিটিকাৰ্টৰ কৰ্মচাৰীক বিবস্ত্ৰ কৰি তালাচি কৰিলে ব্যৱসায়িক প্ৰতিস্থানখনৰ কৰ্তৃপক্ষই (Citykart employees were stripped naked and searched) ৷ প্ৰতিস্থানখনৰ এনে কাৰ্যৰ পাছত আত্মগ্লানিত ভোগী কৰ্মচাৰীয়ে কৰিলে আত্মহত্যা(Suicide of a Citykart employee) ৷ ইয়াৰ পাছতেই ক্ষোভিত জনতাই বন্ধ কৰি দিলে চিটিকাৰ্ট নামৰ প্ৰতিস্থানখন ৷

ৰঙিয়াত বহুজাতিক কোম্পানীৰ কৰ্মচাৰীৰ আত্মহত্যা

ৰঙিয়া, 25 জানুৱাৰী : ৰঙিয়াত এটা আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ (Suicide case in Rangia) ৷ বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠান চিটি কাৰ্টৰ এগৰাকী কৰ্মচাৰীয়ে আত্মহননৰ চেষ্টা কৰি সংকটজনক অৱস্থাত চিকিৎসাধীন হ‘বলগীয়া হৈছিল ৷ অৱশেষত চিকিৎসাধীন অৱস্থাতে যোৱা দেওবাৰে কৰ্মচাৰীজনে মৃত‍্যুক আকোৱালি ল’লে । মৃত্যু হোৱা কৰ্মচাৰীজন ৰঙিয়াৰ বৰমুৰাৰ দিগিপাৰৰ নিবাসী কংকন কলিতা বুলি জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙিয়াৰ বৰমুৰাৰ দিগিপাৰৰ নিবাসী কংকন কলিতা নামৰ যুৱকজন ৰঙিয়াৰ চিটি কাৰ্ট নামৰ শ্বপিং মলটোত কৰ্মৰত হৈ আছিল ৷ মলটোত বজাৰ কৰিবলৈ অহা এগৰাকী গ্ৰাহকক নিৰ্ধাৰিত মূল‍্যতকৈ কিছু কম মূল‍্যত সামগ্ৰী বিক্ৰী কৰা বুলি মল কৰ্তৃপক্ষই কংকন কলিতাৰ ওপৰত উঠাইছিল অভিযোগ । এই অভিযোগৰ পাছতেই বহুজাতিক প্ৰতিষ্ঠানটোৰ ৰোষত পৰিব লগা হয় কংকন কলিতা ৷

Suicide in rangia citykart
মৃত কংকন কলিতা

গ্ৰাহকক কম মূল‍্যত সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ সন্দৰ্ভত মল কৰ্তৃপক্ষ অৱগত হোৱাৰ পাচতেই চিটি কাৰ্ট নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ ৰঙিয়া শাখাৰ কৰ্তৃপক্ষই যুৱক জনক বিবস্ত্ৰ কৰি তালাচি লয় আৰু কৰ্মৰ পৰা অব‍্যাহতি দি খেদি পঠিয়াই । মল কৰ্তৃপক্ষৰ এই ব্যৱহাৰত লজ্জিত কংকন কলিতাই আত্মগ্লানিত ভোগী বিষ পান কৰি আত্মহত্যাৰ চেষ্টা চলায় (Suicide in Rangia Citykart) ।

পৰিয়ালৰ লোকে কংকনে বিষ পান কৰা বুলি নিশ্চিত হৈ অতি সংকটজনক অৱস্থাত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসালয়তে কংকনৰ মৃত্যু হয় (Guwahati medical college)। সমগ্ৰ ঘটনাটো সৰ্ন্দভত স্থানীয় ৰাইজে অৱগত হোৱাৰ পাচতে মল কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠে (Protest in Rangia against Citykart mall)৷

ইফালে কংকন কলিতাৰ মৃতদেহ ৰঙিয়াত আহি উপস্থিত হোৱাৰ পাচতেই চিটি কাৰ্টৰ বিৰুদ্ধে কৰ্মচাৰীক আতিশয্য চলাই আত্মহত্যাৰ পথ বাছি লবলৈ বাধ্য কৰাৰ অভিযোগ তুলি প্ৰতিস্থানটোৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে স্থানীয় ৰাইজ ৷ উপস্থিত লোকসকলে কংকন কলিতাৰ মৃতদেহটো চিটি কাৰ্টৰ সন্মুখত ৰাখি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । তাৰোপৰি উত্তেজিত স্থানীয় ৰাইজে তলা মাৰি বন্ধ কৰি দিয়ে প্ৰতিষ্ঠানখন । উপস্থিত স্থানীয় ৰাইজে কংকনৰ আত্মহত্যাৰ ঘটনাৰ উচিত বিচাৰ দাবী কৰি প্ৰতিস্থানখনৰ বিৰোধে বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ (Citykart in Rangia)৷

উত্তেজিত লোকসকলে চিটি কাৰ্ট কৰ্তৃপক্ষৰ বিষয়াক গ্ৰেপ্তাৰ কৰক, আমাক ন্যায় দিয়ক, চিটি কাৰ্ট কৰ্তৃপক্ষই কংকনৰ পৰিয়ালক উপয়ুক্ত ক্ষতিপূৰণ দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে মৃত কংকন কলিতাই কেইবা মাহ ধৰি কৰ্মৰত আছিল চিটি কাৰ্ট নামৰ প্ৰতিষ্ঠানখনত । অতি দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰই এনে চৰম সিদ্ধান্ত বাচি লোৱাৰ এই ঘটনাক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে ।

বৰ্তমান বিষয়টো সন্দৰ্ভত উপযুক্ত ন্যায় আৰু দোষীক শীঘ্ৰে কৰায়ত্তৰ দাবীৰে ভুক্তভোগী পৰিয়ালটিয়ে ৰঙিয়া আৰক্ষীৰ কাষ চপাৰ লগতে দাখিল কৰিছে এজাৰ । আৰক্ষীৰ অনুসন্ধানৰ অন্তত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ প্ৰশাসনে বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব মনকৰিবলগীয়া ৷

লগতে পঢ়ক : Two oil thieves arrested in Bihar: বিহাৰত দুই তেলচোৰক গ্ৰেপ্তাৰ কৰিলে টীয়ক আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.