Riniki Bhuya Sharma defamation case: মণীষ ছিচোদিয়াৰ বিৰুদ্ধে মান হানি গোচৰত স্থগিতাদেশ

author img

By

Published : Jul 25, 2022, 9:34 PM IST

Riniki vs Manish

আম আদমি পাৰ্টীৰ ৰাজ্যিক কার্যালয়ত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত (Aam Aadmi Party press conference) এই কথা প্রকাশ কৰে আপ অসমৰৰ আইনী কোষৰ সমন্বয়ক আৰু যুটীয়া সমন্বয়ক ক্ৰমে নাৰায়ণ দত্ত ভূঞা আৰু আলাউদ্দিন আহমেদ আৰু দলৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই । আজিৰ শুনানিকালত পদকীয়া আৰু গোচৰীয়া দুয়োপক্ষৰ অধিবক্তা উপস্থিত থাকে ।

গুৱাহাটী, ২৫ জুলাই : ৰিণিকি ভূঞা শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্রী মণীষ ছিছোদিয়াৰ বিৰুদ্ধে ৰুজু কৰা মানহানিৰ গোচৰত আদালতে স্থগিতাদেশ জাৰি কৰিছে (stay order of Riniki Bhuya Sharma defamation case against Manish Sisodia) । সোমবাৰে গুৱাহাটী সত্ৰ ন্যায়ালত এই গোচৰৰ প্ৰথমটো শুনানি গ্ৰহণ কৰি আদালতে এই স্থগিতাদেশ জাৰি কৰাৰ (Guwahati sessions court issued stay order) লগতে পৰৱৰ্তী শুনানিৰ তাৰিখ ৩ ছেপ্টেম্বৰত নিৰ্ধাৰণ কৰে ।

আম আদমি পাৰ্টীৰ ৰাজ্যিক কার্যালয়ত সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত (Aam Aadmi Party press conference) এই কথা প্রকাশ কৰে আপ অসমৰৰ আইনী কোষৰ সমন্বয়ক আৰু যুটীয়া সমন্বয়ক ক্ৰমে নাৰায়ণ দত্ত ভূঞা আৰু আলাউদ্দিন আহমেদ আৰু দলৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই । আজিৰ শুনানিকালত পদকীয়া আৰু গোচৰীয়া দুয়োপক্ষৰ অধিবক্তা উপস্থিত থাকে ।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীৰ হৈ আদালতত উপস্থিত থাকে অধিবক্তা ক্রমে অনুপম শ্রীবাস্তৱ, ঋষিকেশ কুমাৰ, নাৰায়ণ দত্ত ভূঞা, আলাউদ্দিন আহমেদ আৰু আৰিফ শিকদাৰ ।

মণীষ ছিচোদিয়াৰ অধিবক্তাই আদালতত আবেদন কৰে যে, দিল্লীৰ উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে বহুল প্রচাৰিত বাতৰিৰ ভিত্তিত ৰিণিকি ভূঞা শৰ্মাৰ নাম সংবাদমেলত উল্লেখ কৰিছিল । তেওঁৰ বক্তব্যত নিজববীয়াকৈ একো উল্লেখ কৰা নাই । গতিকে ছিচোদিয়াৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাই তৰা গোচৰ মহামান্য আদালতে খাৰিজ কৰিব লাগে । আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত আজিৰ আবেদনৰ চূড়ান্ত সিদ্ধান্ত নোলোৱা পৰ্যন্ত ৰিণিকি ভূঞা শৰ্মাই তৰা গোচৰটোত স্থগিতাদেশ জাৰি কৰে ।

উল্লেখ্য যে ক'ভিডৰ সময়ত অসমৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই পি পি ই কিট ক্রয়-বিক্ৰয়ত চৰকাৰী ক্ষমতাৰ অপপ্ৰয়োগ (Allegation against Himanta Biswa Sharma about PPE kit issue) কৰি পত্নী, পুত্ৰ আৰু পৰিয়ালৰ বন্ধু কোম্পানীক ঠিকা আৱণ্টন দিছিল বুলি 'দ্য ক্ৰছকাৰেণ্ট' আৰু 'দ্য ৱায়াৰ' নামৰ সংবাদ প্রতিষ্ঠান দুটাই বাতৰি সম্প্ৰচাৰ কৰিছিল । এই কোম্পানীসমূহৰ পৰা অধিক মূল্যত পি পি ই কিট আৰু ছেনিটাইজাৰ চৰকাৰে ক্ৰয় কৰাৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : Pork controversy at Assam Sahitya Sabha: গাহৰি মাংস সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ যাদৱ শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.