RTI workers attacked: পঞ্চায়তৰ আঁচনি ৰূপায়নৰ তথ্য বিচৰাৰ বাবেই আৰ টি আই কৰ্মীক আক্ৰমণ

author img

By

Published : Nov 23, 2022, 10:48 AM IST

RTI workers were attacked in Rangia for seeking information from panchayat

ৰঙিয়াত এখন পঞ্চায়তৰ বিভিন্ন আঁচনি ৰূপায়নৰ তথ্য বিচৰাৰ বাবেই দুজন আৰ টি আই কৰ্মীক আক্ৰমণৰ অভিযোগ (RTI workers attacked by miscreants in Rangia) ৷ পঞ্চায়তখনৰ পৰা তথ্য বিচৰাটোৱেই আছিল লোকদুজনৰ ডাঙৰ ভুল ৷ অভিযোগ অনুসৰি, গাঁও পঞ্চায়তখনৰ সভাপতি, সচিব আৰু ৱাৰ্ড মেম্বাৰে গুণ্ডা বাহিনী নিয়োগ কৰি আৰ টি আই কৰ্মী দুজনক হত্যাৰ চেষ্টা চলাইছিল ৷

ৰঙিয়া, 23 নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন পঞ্চায়তত এতিয়াও অব্যাহত আছে চৰকাৰে প্ৰদান কৰা আঁচনিৰ নামত ব্যাপক দুৰ্নীতি ৷ বিভিন্ন সময়ত দুৰ্নীতিত অভিযুক্ত বহু লোকে কাৰাগাৰত জীৱন অতিবাহিত কৰাৰ লগতে বহু দুৰ্নীতিৰ তথ্য বিভিন্ন মাধ্যমত প্ৰকাশিত হৈ আহিছে ৷ তথাপিও যেন পৰিৱৰ্তন নহ’ল দুৰ্নীতিগ্ৰস্ত এচাম পঞ্চায়ত প্ৰতিনিধি (Corruption in panchayat) ৷

শেহতীয়াকৈ ৰঙিয়াত সংঘটিত হৈছে এখন পঞ্চায়তৰ তথ্য বিচৰাৰ বাবেই দুজন আৰ টি আই কৰ্মীক আক্ৰমণৰ এক ঘটনা (RTI workers attacked by miscreants in Rangia) ৷ পঞ্চায়তখনৰ তথ্য বিচৰাটোৱেই লোকদুজনৰ ডাঙৰ ভুল ৷ অভিযোগ অনুসৰি, গাঁও পঞ্চায়তখনৰ সভাপতি, সচিব আৰু ৱাৰ্ড মেম্বাৰে গুণ্ডা বাহিনী নিয়োগ কৰি আৰ টি আই কৰ্মী দুজনক হত্যাৰ চেষ্টা চলাইছিল ৷

পঞ্চায়তৰ তথ্য বিচৰাৰ বাবেই দুজন আৰ টি আই কৰ্মীক আক্ৰমণ

ঘটনাৰ বিৱৰণি অনুসৰি, ৰঙিয়াৰ সমীপৰ ধুহিবালা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ কামৰূপ জিলাৰ অন্তৰ্গত ধুহিবালা গাঁও পঞ্চায়তখনৰ বিৰুদ্ধে উত্থাপিত হৈ অহা এই অভিযোগৰ পাছতে আইনাল হক আৰু ওৱাচিল হক নামৰ আৰ টি আই কৰ্মী দুজন কাষ চাপিছিল পঞ্চায়তখনৰ ৷ পঞ্চায়তখনৰ জৰিয়তে চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়নৰ তথ্য বিচাৰি কৰিছিল আবেদন ৷ ইয়াতে ক্ষুদ্ধ হৈ পৰে পঞ্চায়তৰ সভাপতি, সচিব আৰু ৱাৰ্ড মেম্বাৰ ৷

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পঞ্চায়তখনৰ দ্বাৰা বিভিন্ন আঁচনি ৰূপায়নৰ তথ্য বিচৰাৰ বাবেই পঞ্চায়তখনৰ সভাপতি, সচিব আৰু ৱাৰ্ড মেম্বৰৰ ভেৰোণীয়া গুণ্ডা বাহিনীয়ে পঞ্চায়তখনৰ কাৰ্যালয় চৌহদতে দুই আৰ টি আই কৰ্মীক কৰিলে আক্ৰমণ ৷ অৱশ্যে সেই স্থানত উপস্থিত ৰাইজে লোক দুজনক আক্ৰমণকাৰী দলটোৰ পৰা কোনোমতে উদ্ধাৰ কৰে ৷ গুণ্ডা বাহিনীৰ দলটোৱে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে দুয়োকে হত্যাৰ চেষ্টা চলোৱা বুলিও অভিযোগ তুলিছে আৰ টি আই কৰ্মী দুগৰাকীয়ে ৷

ধুহিবালা গাঁও পঞ্চায়তখনত দীৰ্ঘদিন ধৰি চলি থকা অবাধ দুৰ্নীতিৰ সন্দৰ্ভত তথ্য বিচৰাৰ বাবেই এনেদৰে আক্ৰমণৰ সম্মুখীন হ’ব লগা হোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে গুৰুতৰভাৱে আহত দুই আৰ টি আই কৰ্মীয়ে । ইতিমধ্যে ঘটনা সন্দৰ্ভত কঞা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি ঘটনাৰ এক উচিত তদন্তৰ লগতে দোষীৰ উপযুক্ত শাস্তি বিচাৰিছে অভিযোগকাৰীয়ে ।

লগতে পঢ়ক: Fraud arrested: ভুৱা অপৰাধ নিয়ন্ত্ৰণ আৰু দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.