ৰঙিয়াত নিযুক্তিত অনিয়মৰ প্ৰতিবাদ ৰাইজৰ দলৰ

author img

By

Published : Sep 20, 2022, 9:12 PM IST

Raijar Dal protest at Rangia

ৰাজ্যত এতিয়া নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ (Assam recruitment scam)। নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় কেইবাটাও ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে । চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে বিভিন্ন দল-সংগঠন । ইয়াৰ মাজতেই ৰাইজৰ দলে ৰঙিয়া নগৰত উলিয়ালে প্ৰতিবাদী সমদল ।

ৰঙিয়া, ২০ছেপ্টেম্বৰ: ৰাজ্যত এতিয়া নিযুক্তি কেলেংকাৰীৰ প্ৰসংগ (Assam recruitment scam)। নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় কেইবাটাও ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে । এফালে যদি চাকৰিৰ দালালক গ্ৰেপ্তাৰ কৰিছে (Job broker arrested in Assam) আনফালে আকৌ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে উঠিছে চাকৰিৰ নামত ধন বিচৰাৰ অভিযোগ ।

চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাত ক্ষোভিত হৈ পৰিছে বিভিন্ন দল-সংগঠন । ইয়াৰ মাজতে ৰাইজৰ দলে ৰঙিয়াত(Raijar Dal protest at Rangia) মঙলবাৰে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে । ৰাইজৰ দলৰ কৰ্মীসকলে ৰঙিয়া নগৰত উলিয়ালে প্ৰতিবাদী সমদল । নিযুক্তি প্ৰক্ৰিয়াত হোৱা কেলেংকাৰী বিৰুদ্ধে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তুলিলে প্ৰতিবাদকাৰীসকলে ।

ৰঙিয়াত নিযুক্তিত অনিয়মৰ প্ৰতিবাদ ৰাইজৰ দলৰ

উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি হৰেশ্বৰ বৰ্মণে কয় যে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ অৱস্থা এতিয়া মকৰা জালত বন্দী মাখিৰ দৰে হৈছে । জলসিঞ্চন বিভাগৰ চাকৰিৰ কেলেংকাৰীত নাম সাঙোৰ খাইছে শাসক দলৰ ৰাজ্য়িক সভাপতি ভৱেশ কলিতাৰ নাম । এগৰাকী যুৱতীৰ অভিযোগত তেওঁ ঢোকে ঢোকে পানী খাবলগীয়া হৈছে । যদিও কলিতাৰ বিৰুদ্ধে গোচৰ পৰ্যন্ত পঞ্জীয়ন নহ'ল বুলি ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতিগৰাকীয়ে কয় ।

তেওঁ পুনৰ কয়, ইয়াৰ পৰা বুজা যায় যে এওলোকে গোটেই দুৰ্নীতিটোকে স্বীকৃতি দিছে । চাকৰি প্ৰাপ্য় হৈছে নাগৰিকৰ অধিকাৰ । কিন্তু প্ৰাপ্য পোৱাৰ বাবদ যাতে ধনৰ বিনিময়ত চাকৰি পাব নালাগে আৰু মুকলি বজাৰত চাকৰি বিক্ৰী নহয় তাৰ বাবে এক উচিত তদন্তৰ দাবীত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি মন্তব্য কৰে হৰেশ্বৰ বৰ্মণে ।

লগতে পঢ়ক:অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.