ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ ক্ষোভিত ৰঙিয়াৰ ৰাইজ

author img

By

Published : Oct 9, 2021, 4:55 PM IST

PUBLIC PROTEST AT RANGIA

ৰেচন কাৰ্ড ডিজিটাইজেশ্যনৰ নামত অসুবিধাৰ সন্মুখীন হৈছে ৰঙিয়াৰ খন্দিকৰৰ ৰাইজে । সুলভ মূল্যৰ চাউল কেইটাৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে হিতাধিকাৰী । উপায়হীন হৈ শনিবাৰে অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে অঞ্চলবাসীয়ে ।

ৰঙিয়া, ৯ অক্টোবৰ: ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালবোৰৰ বাবে সুলভ মূল্যৰ সামগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । কিন্তু ৰেচন কাৰ্ড ডিজিটাইজেশ্যনৰ নামত বহু এজেণ্টে সুলভ মূল্যৰ সামগ্ৰী লাভৰ পৰা দৰিদ্ৰ লোকসকলক বঞ্চিত কৰি আহিছে । ৰঙিয়াৰ খন্দিকৰতো এনেদৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কেইবাটাও পৰিয়াল । সুলভ মূল্যৰ সামগ্ৰী লাভ কৰিব নোৱাৰি ক্ষোভিত হৈ পৰিছে হিতাধিকাৰীসকল ।

শনিবাৰে খন্দিকৰৰ এই লোক সকলে অসমাৰিক যোগান বিভাগৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাইজৰ অভিযোগ অনুসৰি, ৰেচন কাৰ্ড থকাৰ পাচতো বহু পৰিয়ালে সুদীৰ্ঘ ২-৫ বছৰ ধৰি লাভ কৰা নাই সুলভ মূল্যৰ চাউল । তেওঁলোকে জনোৱা মতে, এজেন্টে কাৰ্ডসমূহ ডিজিটাইজেশ্যন কৰিবলৈ নথি-পত্ৰ বিচাৰিছিল হিতাধিকাৰীসকলৰ পৰা । কিন্তু সকলো নথি তিনিবাৰ পৰ্যন্ত জমা কৰাৰ পিছতো কেইবা বছৰ ধৰি আইনখনৰ অধীনত সুবিধা লাভৰ পৰা বঞ্চিত হৈ আছে অঞ্চলটোৰ প্ৰায় ২০০ গৰাকী হিতাধিকাৰী ।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ ক্ষোভিত ৰঙিয়াৰ ৰাইজ

ইয়াৰ উপৰিও, একাংশ এনে পৰিয়াল আছে, যাৰ মুঠ সদস্য পাঁচজন যদিও কাৰ্ডৰ জৰিয়তে চাউল লাভ কৰিছে এজন বা দুজন সদস্যইহে । সেয়ে, এতিয়া বানক্ৰান্ত অঞ্চলৰ দৰিদ্ৰ লোকসকলে দুবেলা দুমুঠি খাদ্য যোগাৰ কৰিবলৈও হাহাকাৰ কৰিবলগীয়া হৈছে ।

কৰ'ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ সময়ত লকডাউন জাৰি কৰাৰ সময়ছোৱাত এই আঁচনিৰ জৰিয়তে দৰিদ্ৰ লোকে যথেষ্ট সকাহ লাভ কৰিবলৈ সক্ষম হৈছিল । কিন্তু এই অঞ্চলটোৰ ৰাইজে অভাৱতে দিন অতিবাহিত কৰিবলগীয়া হয় । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, কাৰ ভুলৰ বাবে এই দৰিদ্ৰ হিতাধিকাৰীসকলৰ খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ড থকাৰ পিছতো চৰকাৰী সকলো সা-সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । ৰাইজে শীঘ্ৰে সুলভ মূল্যৰ সামগ্ৰীসমূহ তেওঁলোকে লাভ কৰাৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক:বিশ্বনাথত চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু চকীদাৰক চাইকেল প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.