Laboratory Technician ৰ ধৰ্ষণ-হত্যাৰ অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত !

author img

By

Published : Oct 14, 2021, 4:48 PM IST

protest-over-rape-and-murder-of-laboratory-technician

Laboratory Technician ক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ অব্যাহত আছে চেপা উত্তেজনা ৷ ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী ৰাইজৰ ৷

ৰঙিয়া, 14 অক্টোবৰ : কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ এগৰাকী মহিলা Laboratory Technician ক অপহৰণ কৰি হত্যা কৰা ঘটনাই লৈছে নতুন মোৰ ৷ মহিলা গৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক লৈ সম্প্ৰতি অব্যাহত আছে চেপা উত্তেজনা । পূব নলবাৰী কলেজত ১১ জনীয়া নৰপিশাচৰ দলে দলবদ্ধভাৱে ধৰ্ষণ কৰিছিল মহিলা গৰাকীক ৷

Laboratory Technician ক ধৰ্ষণ কৰি হত্যাক লৈ উত্তাল প্ৰতিবাদ

ইয়াৰ পিছতে অতি নৃশংসভাৱে হত্যা কৰা হৈছিল এটি সন্তানৰ মাতৃ মহিলা গৰাকীক । দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাত জড়িত আছিল বাইহাটা চাৰিআলিৰ পৰিবহন বিভাগৰ কৰ্মচাৰী মন্টু বৰ্মণ আৰু কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত কৰ্মৰত নৱ নামৰ এজন যুৱক ।

আদালতত হাজিৰ কৰা সময়ত সংবাদ মাধ্যমৰ আগত তিনি অভিযুক্তই স্বীকাৰ কৰিছে তেওঁলোকৰ নাম । কিন্তু তাৰ পিছতো বাইহাটা চাৰিআলিৰ পৰিবহন বিভাগৰ কৰ্মচাৰী আৰু কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ কৰ্মচাৰী দুয়োজনে মুকলি আকাশৰ তলত নিৰ্বিঘ্নে ঘুৰি ফুৰিছে ।

যোৱা ২৯ চেপ্তেম্বৰত পূৱ নলবাৰী কলেজত মহিলাগৰাকীক হত্যা কৰি নিশা ১২ বজাত বাইকেৰে আনি কেহেৰুৱা গাঁৱৰ পাগলাদিয়া নৈৰ পাৰৰ বালি চাপৰিত পুতি থৈছিল বৰ্বৰ মানসিকতাৰ লোক কেইজনে । ঘগ্ৰাপাৰ আৰক্ষীয়ে ১৩ দিন পিছত এক গোপন সূত্ৰৰ পম খেদি মূল অভিযুক্ত ঘগ্ৰাপাৰৰ জগদীশ দাস তেওঁৰ বন্ধু চন্দন দাস আৰু চন্দন দাসৰ খুলশালী সঞ্জিত কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।

তিনিওৰে স্বীকাৰোক্তিৰ ভিত্তিত তিনিদিন পূৰ্বে অৰ্ধ গলিত অৱস্থাত পাগলাদিয়া নৈৰ বালি চাপৰিৰৰ পৰা খান্দি মৃতদেহটো উদ্ধাৰ কৰে আৰক্ষীয়ে । ইফালে দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ১৬ দিন পিছতো আৰক্ষীয়ে আন আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত স্বামী গৃহ তথা স্থানীয় লোকসকল ক্ষুব্ধ হৈ পৰিছে । ন্যায় বিচাৰি এতিয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে স্থানীয় ৰাইজে । এই বিষয়টো ফাষ্টট্ৰেক আদালতৰ জড়িয়তে সোনকালে বিচাৰ কৰি আটাইকেইজন দানৱক ফাচীৰ দাবী উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক : পূজাৰ আনন্দ-উৎসৱৰ মাজতে মানসিক বিকাৰগ্ৰস্ত লোকৰ আক্ৰমণত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.