পেট্ৰ’লৰ নিচিনাকৈ অত্যাধিক হাৰত মূল্য বৃদ্ধি হৈছে ড্ৰাগছৰ: ড্ৰাগছ সেৱনকাৰী যুৱক

author img

By

Published : Oct 19, 2021, 4:26 PM IST

Updated : Oct 19, 2021, 4:33 PM IST

পেট্ৰ’লৰ নিচিনাকৈ অত্যাধিক হাৰত মূল্য বৃদ্ধি হৈছে ড্ৰাগছৰ: ড্ৰাগছ সেৱনকাৰী যুৱক

ড্ৰাগছ সেৱন কৰি থাকোতেই স্থানীয় ৰাইজে কৰায়ত্ব কৰে দুই শিক্ষিত যুৱকক । বাক্সা জিলাৰ নাগ্ৰীজুলীৰ তম্বিদ দাস আৰু বিকী আলীক হাতে লোতে কৰায়ত্ব কৰে ৰাইজে ।

ৰঙিয়া,19 অক্টোবৰ: "পেট্ৰ’লৰ নিচিনাকৈ অত্যাধিক হাৰত মূল্য বৃদ্ধি হৈছে ড্ৰাগছৰ । এমাহৰ ভিতৰত নিষিদ্ধ ড্ৰাগছৰ মূল্য বৃদ্ধি হৈছে ৬০ শতাংশ । তাৰ পিছতো ড্ৰাগছ ক্ৰয় কৰাৰ বাবে কাৰো ক্ষোভ নাই ।" এই কথা আমি কোৱা নাই ৷ কৈছে ৰঙিয়াৰ তৰণিৰ পথাৰৰ মাজত স্থানীয় ৰাইজে আটক কৰা দুই ড্ৰাগছ আসক্ত যুৱকে ৷

উল্লেখযোগ্য যে, ড্ৰাগছ সেৱন কৰি থাকোতেই স্থানীয় ৰাইজে কৰায়ত্ব কৰে দুই শিক্ষিত যুৱকক । বাক্সা জিলাৰ নাগ্ৰীজুলীৰ তম্বিদ দাস আৰু বিকী আলীক হাতে লোতে কৰায়ত্ব কৰি অৱশেষত স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক । ইয়াৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুই ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ব কৰি আৰম্ভ কৰিছে তদন্ত ।

পেট্ৰ’লৰ নিচিনাকৈ অত্যাধিক হাৰত মূল্য বৃদ্ধি হৈছে ড্ৰাগছৰ: ড্ৰাগছ সেৱনকাৰী যুৱক

মন কৰিবলগীয়া যে, ড্ৰাগছ আসক্ত যুৱকদ্বয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত স্বীকাৰোক্তি দি কয় যে, ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ কাণিয়া নামৰ লোক এজনৰ ঘৰত উপলদ্ধ হয় নিষিদ্ধ ড্ৰাগছ । পেট্ৰ’লৰ নিচিনাকৈ অত্যাধিক মূল্য বৃদ্ধি হোৱাৰ নিচিনাকৈ যোৱা এমাহত চাৰিশ টকা মূল্যৰ ড্ৰাগছৰ মূল্য হৈছে এহেজাৰ টকা ।

লক্ষণীয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ পৰা ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় বন্ধ কৰি ইয়াৰ বিৰুদ্ধে অধিক সষ্টম ৰূপত অসম আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল । সেই অনুসৰি ৰাজ্যৰ চুকে-কোণে অসম আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ সেৱনকাৰীসকলক গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈ আহিছে । কিন্তু অতিপৰিতাপৰ কথা যে, ৰঙিয়াৰ বিশেষকৈ ৰঙিয়া ষ্টেচনৰ সমীপৰ ঠাইসমূহ বিশেষকৈ উদিয়ানা, বালাগাঁও আৰু জয়ন্তীপুৰত সূলভ মূল্যত এতিয়াও উপলব্ধ নিষিদ্ধ ড্ৰাগছ । তাৰ পিছতো চকু মুদা কুলিৰ ভাওত ৰঙিয়া আৰক্ষী তথা স্থানীয় প্ৰশাসন ।

লগতে পঢ়কঃ বৰাকত অসমীয়া ভাষাক অপমান কৰাক লৈ প্ৰতিক্ৰিয়া তিনিচুকীয়াত আটাছুৰ

Last Updated :Oct 19, 2021, 4:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.