কামৰূপৰ চানডুবিত প্ৰাক পৰ্যটন দিৱস উদযাপন

author img

By

Published : Sep 26, 2022, 7:32 AM IST

Pre-Tourism Day celebrated at Chandubi

আগন্তুক ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে উদযাপন কৰা হ’ব বিশ্ব পৰ্যটন দিৱস (World Tourism day) ৷ এই দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে কামৰূপ জিলাৰ চানডুবিত অনুষ্ঠিত কৰা হয় প্ৰাক বিশ্ব পৰ্যটন দিৱস (Pre-Tourism Day celebrated at Chandubi) ৷

বকো, 26 ছেপ্টেম্বৰ: আগন্তুক ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে উদযাপন কৰা হ’ব বিশ্ব পৰ্যটন দিৱস (World Tourism day) ৷ এই দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে কামৰূপ জিলাৰ চানডুবিত (Chandubi Lake) অনুষ্ঠিত কৰা হয় প্ৰাক বিশ্ব পৰ্যটন দিৱস (Pre-Tourism Day celebrated at Chandubi) ৷ চানডুবিৰ বিলৰ লগতে লাগি থকা জৰামখুৰিয়া গাঁৱৰ ৰাইজৰ সহযোগত চানডুবিৰ পৰ্যটন বিভাগৰ কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান ।

কামৰূপৰ চানডুবিত প্ৰাক পৰ্যটন দিৱস উদযাপন

এইবাৰৰ পৰ্যটন দিৱসৰ মূল বিষয় হিচাপে বাছি লোৱা হৈছে 'পুনঃনিৰ্মাণ পৰ্যটন"। এই বিষয় বস্তুৰ লগত সংগতি ৰাখি এখন চানডুবিত আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানটোত জৰামখুৰিয়া গাঁৱৰ ৰাইজ তথা বকোৰ লাম্পী, গোৱালপাৰাৰ বিভিন্ন অঞ্চলৰ পৰা যোৱা পৰ্যটন ক্ষেত্ৰৰখন লগত জড়িত লোকসকলক অসম পৰ্যটন বিভাগৰ তৰফৰ পৰা 'Awesome Assam' ৰ লগ'(logo) বিতৰণ কৰা হয় ।

অনুষ্ঠানটোত উপস্থিত থাকি শোভা বৰ্ধন কৰে কানাডাৰ পৰা অহা এক দম্পতীয়ে । ইয়াৰ লগতে অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কিৰথি জলী, মামণি পেৰমে, পৰ্যটন বিভাগৰ অতিৰিক্ত সঞ্চালক, গ্ৰাম্য পৰ্যটনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত অভিজিৎ গগৈ তথা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সদস্যসহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক: পুথিভঁড়ালৰ আৰ্হিত ছাত্ৰীবাৰীৰ দুৰ্গা পূজা মণ্ডপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.