প্ৰকল্প স্থাপনতে ব্যস্ত নেকি ৰাজ্যৰ ক্ৰীড়া বিভাগ ?

author img

By

Published : Sep 20, 2021, 4:05 PM IST

poor condition of bezera swimming centre

এটি পুতৌ লগা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma) গৃহ সমষ্টিত নিৰ্মাণ হোৱা এই চুইমিং পুলটোৰ(Swimming Pool) অৱস্থা তেনেই শোচনীয় ৷ এই ক্ষেত্ৰত কি কয় স্থানীয় লোকে, সবিশেষ পঢ়ক...

বাইহাটা, 20 ছেপ্তেম্বৰ: বিশ্ব দৰবাৰত এক সুকীয়া স্থান দখল কৰিছে অসমৰ ক্ৰীড়াই ৷ বিশেষকৈ অসম গৌৰৱ লাভলীনা বৰগোহাঁই(Lovlina Borgohain)ৰ অলিম্পিকত পদক অৰ্জনে শেহতীয়াকৈ এই কথাৰ প্ৰমাণ কৰিছে ৷ লাভলীনাৰ এই সফলতাই নিশ্চয়কৈ প্ৰেৰণা যোগাইছে খেলৰ প্ৰতি আগ্ৰহী বহু অসমীয়াক ৷

এফালে লাভলীনাই টকিঅ’ অলিম্পিকত পদক আজুৰি আনিছে আৰু আনফালে তেওঁৰ গৃহ জিলাৰ বাট-পথ সুচল কৰি তুলিছে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগে ৷ কিন্তু ৰাজ্যত ইতিমধ্যেই মজুত থকা ক্ৰীড়াৰ সমলবোৰৰ অৱস্থা কেনেকুৱা ? 2012 চনত আধাৰশিলা স্থাপন কৰি এক কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল জালুকবাৰী বিধানসভা সমষ্টিৰ বেজেৰাস্থিত এই চুইমিং পুলটো(Swimming Pool) ৷

প্ৰকল্প স্থাপনতে ব্যস্ত নেকি ৰাজ্যৰ ক্ৰীড়া বিভাগ ?

সাঁতোৰৰ প্ৰতি আগ্ৰহী সকলৰ বাবে চুইমিং শিকিবলৈ এই পুলটো এক উৎকৃষ্ট সমল ৷ কিন্তু চুইমিং পুলটোৰ অৱস্থা যেন তেনেই পুতৌ লগা ৷ সমষ্টিটোৰ সাঁতোৰৰ প্ৰতি আগ্ৰহী থকাসকলৰ বাবে নিৰ্মাণ কৰা হৈছিল এই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটি ৷ 2016 চনত পূৰ্ণাংগ ৰূপ লাভ কৰা চুইমিং পুলটোত আজিলৈকে হোৱা নাই সাঁতোৰ প্ৰশিক্ষণৰ ব্যৱস্থা ৷

এফালৰ পৰা জহি-খহি যোৱা চুইমিং পুলটো এতিয়া ভৰি পৰিছে গছ-লতিকাৰে ৷ যাৰ ফলস্বৰূপে সাঁতোৰ শিকিবলৈ পুলটোলৈ নাহে কোনো লোক ৷ স্থানীয় লোকে জনোৱা মতে, পুলটো পৰিচালনাৰ বাবে সমিতি গঠন কৰা হৈছিল যদিও সমিতিখনে পৰৱৰ্তী কাম আগবঢ়াই নিব নোৱাৰিলে ৷ স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma) গৃহ সমষ্টিত নিৰ্মাণ হোৱা সমলৰ এই দুৰাৱস্থাই এতিয়া আচম্বিত কৰি তুলিছে সকলোকে ।

poor condition of bezera swimming centre
পুতৌ লগা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ

পুলটোত প্ৰৱেশ কৰিবলৈও দীৰ্ঘদিনে বন্ধ হৈ আছে প্ৰৱেশদ্বাৰ ৷ স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিত থকা পুলটোৰ দুৰৱস্থাই আচম্বিত কৰি তুলিছে ক্ৰীড়াপ্ৰেমীসকলক ৷ দৰাচলতে কিহৰ বাবে এই পৰ্যায় পালে সাঁতোৰ কেন্দ্ৰটিয়ে ? নে ৰাজনৈতিক মেৰ-পেচত বন্দী হৈ সুদীৰ্ঘ সময় বন্ধ হৈ পৰি ৰৈছে চুইমিং পুলটো ? এইক্ষেত্ৰত স্থানীয় বিধায়কৰ লগতে ক্ৰীড়ামন্ত্ৰীয়ে যদি অকণো গুৰুত্ব আৰোপ কৰে, তেন্তে উপকৃত হ’ব বহুজন ৷

লগতে পঢ়ক: একে সময়তে দুপালি ভেকচিন গ্ৰহণ কৰি অসুস্থ মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.