ছয়গাঁৱত মহিলাক ধৰ্ষণ; ধৰ্ষণকাৰীক আটক

author img

By

Published : Oct 11, 2021, 10:31 PM IST

মহিলাক ধৰ্ষণ

ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড । অসম-মেঘালয় সীমান্তৱৰ্তী দীঘলবিলত সংঘটিত হৈছে এই ঘটনা । আটক ধৰ্ষণকাৰী ভূপেন ৰাভাক গ্ৰেপ্তাৰ ৷

ছয়গাঁও, ১১ অক্টোবৰ : ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড ৷ ১৩ দিনৰ পিচত পোহৰলৈ আহিছে আন এক জঘন্য ধৰ্ষণকাণ্ড ৷ ঘটনাৰ স্থান দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত দীঘলবিলত । ঘটনাটো বকো আৰক্ষী থানাৰ অন্তৰ্গত যদিও এই জঘন্য ধৰ্ষণকাণ্ডটো পোহৰলৈ আনে ছয়গাঁও আৰক্ষীয়ে । ধৰ্ষণ কাণ্ডত জড়িত লোকজনকো আটক কৰিছে ছয়গাঁও আৰক্ষীয়ে ৷

এই জঘন্য ধৰ্ষণকাণ্ডটোৰ লগতে সংঘটিত হৈছে এক মৰ্মান্তিক তথা হৃদয় বিদাৰক ঘটনাও ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে জানিবলৈ দিয়ামতে, যোৱা ২৮ ছেপ্টেম্বৰত ছয়গাঁও সমষ্টিৰ তথা বকো আৰক্ষী থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৱৰ্তী দীঘলবিলত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণকাণ্ড ৷ গাঁওখনৰে ভূপেন ৰাভা নামৰ এগৰাকী বিবাহিত যুৱকে গাঁওখনৰে এগৰাকী মহিলাক ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণ কৰে ৷

মহিলাগৰাকীয়ে ঘৰত নিজৰ তিনিমহীয়া কেঁচুৱাটো লৈ থকাৰ সময়তেই ভূপেন ৰাভা নামৰ বিবাহিত যুৱকজনে মহিলা গৰাকীক টনা আঁজোৰা কৰাত কোলাৰ পৰা কেঁচুৱাটো মাটিত পৰি যোৱাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷ এই ঘটনা সংঘটিত কৰাৰ পিচত যুৱকজনে মহিলা গৰাকীক এই ঘটনাটো কাৰো আগত প্ৰকাশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে ।

আনহাতে আঘাতপ্ৰাপ্ত শিশুটিৰ এসপ্তাহ পিচত মৃত্যু হয় । মহিলাগৰাকীয়ে শিশুটিৰ মৃতদেহ মাটিত পুতি থয় । এই মৰ্মান্তিক ঘটনাটোৰ বিষয়ে ছয়গাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পাচতে সোমবাৰে বিয়লি ছয়গাঁও ৰাজহ চক্ৰ বিষয়া সৰোজ সোণোৱালৰ সহযোগত তথা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এটা দলে ধৰ্ষণকাণ্ডত জড়িত ভূপেন ৰাভা নামৰ যুৱকজনক আটক কৰে । আনহাতে, মৃত শিশুটি গাঁতৰ পৰা খান্দি উলিয়াই ছয়গাঁও আৰক্ষী থানালৈ লৈ আহে ৷ ছয়গাঁও আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে ধৰ্ষণ কাণ্ডত জড়িত যুৱকজনক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : পেট্ৰ’পণ্যৰ মূল্যবৃদ্ধি: প্ৰশান্ত ফুকনৰ গৰুগাড়ীৰ পৰা ভৱেশ কলিতাৰ ফৰ্মূলা-3 লৈ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.