ভূমি সম্পৰ্কীয় কোনো ক্ষেত্ৰত ধনৰ লেন-দেন সহ্য কৰা নহ’ব : বিশ্বজিৎ পেগু

author img

By

Published : Sep 14, 2021, 10:11 PM IST

money-transactions-will-not-be-tolerated-in-any-land-related-case-dc-bishwajit-pegu

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে অনুষ্ঠিত হয় ভূমি সম্পৰ্কীয় এখন কৰ্মশালা ৷ কৰ্মশালাত উপস্থিত থকা সকলোকে জনসাধাৰণৰ হিতৰ বাবে কাম কৰাৰ পণ ল’বলৈ আহ্বান জনাই জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ৷

গুৱাহাটী, 14 ছেপ্তেম্বৰ : দুই অক্টোবৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰিব ‘মিছন বসুন্ধৰা’ আঁচনি ৷ আঁচনিখন মুকলিৰ পূৰ্বে ভূমি সম্পৰ্কীয় বিভিন্ন আবেদন যাতে সমাধা কৰিব পৰা যায় আৰু এইক্ষেত্ৰত কোনোধৰণৰ আঁসোৱাহ নাথাকে তাৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে ভূমি সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে মুকলি কৰে এই কৰ্মশালাখন ৷

কৰ্মশালাত জিলাখনৰ সকলো অতিৰিক্ত উপায়ুক্ত, মহকুমাধিপতি (সদৰ), চক্ৰ বিষয়াৰ উপৰি কানানগো, লাট মণ্ডল, পাঁচোটা ৰাজহ চক্ৰৰে বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ কৰ্মশালাখন মুকলি কৰি জিলা উপায়ুক্ত গৰাকীয়ে ভূমি হস্তান্তৰকৰণ, বেচা-কিনা পঞ্জীয়ণ কৰা আদিৰ লগত কোনো ধৰণৰ ধনৰ লেন-দেন নকৰিবলৈ কঠোৰভাৱে এইক্ষেত্ৰত জড়িত বিষয়া-কৰ্মচাৰীসকলক সকীয়াই দিয়ে ৷

ইয়াৰ উপৰি তেওঁ সকলোকে জনসাধাৰণৰ হিতৰ বাবে কাম কৰাৰ পণ লবলৈ আহ্বান জনায় ৷ লগতে মনত যদি বেয়া অভ্যাসে ঠাই পাইছিল সেইবোৰ দলিয়াই পেলাই আগৰ হিচাপ নিকাচ পাহৰি যাবলৈ আহ্বান জনায় ৷ মাটি বেচা-কিনা, পঞ্জীয়ণ আদিৰ ক্ষেত্ৰত ধনৰ লেন-দেনৰ কোনো অভিযোগ প্ৰমাণিত হ’লে কোনো ক্ষেত্ৰতে সহ্য কৰা নহ’ব বুলি মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়কঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

কৰ্মশালাখনত অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰীয়ে অসমৰ ভূমি ৰাজহ প্ৰশাসনৰ ইতিহাসৰ পৰা বৰ্তমান প্ৰেক্ষাপটলৈ বিভিন্ন বিষয়ত আৰু ধ্ৰুৱ হাজৰিকাই বিভিন্ন ধৰণৰ ভূমি পট্টা, একচনা পট্টাৰ পৰা ম্যাদী পট্টা, এলটমেণ্ট এণ্ড চেটলমেণ্ট অৱ লেণ্ড, লেণ্ড বেংক আদি বিষয়ত বক্তব্য আগবঢ়ায় ৷ লগতে গৌৰীশংকৰ দাসে অসমৰ ভূমি নীতি, ভি জি আৰ, পি জি আৰ আৰু সাধাৰণ ভূমি সুৰক্ষা আৰু সংৰক্ষণ আদি বিষয়ত বক্তব্য আগবঢ়ায় ৷

আনহাতে বিপুল কুমাৰ দাসে কেনেকৈ ৰাজহ বিষয়ক প্ৰতিবেদন লিখিব লাগে আদি বিষয়ত বিশদ আলোচনা কৰে ৷ কৰ্মশালাখনত চক্ৰ বিষয়া আৰু লাট মণ্ডল সকলে বিভিন্ন বিষয়ত নিজৰ জানিবলগীয়াখিনি সম্পৰ্কে অৱগত হয় ৷

লগতে পঢ়কঃ গাখীৰেৰে গা ধুলেও থাওৰাত জয়ী হ'ব নোৱাৰে সুশান্ত বৰগোহাঁই : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.