ভূপেন বৰাক উভতি ধৰিলে বিধায়ক দিগন্ত কলিতাই

author img

By

Published : Sep 26, 2022, 8:17 PM IST

MLA Diganta Kalita criticised APCC president

কংগ্ৰেছ দলৰ বিধায়কৰ এটা কথা আৰু সভাপতিৰ আন এটা কথা বুলি মন্তব্য় বিধায়ক দিগন্ত কলিতাৰ (MLA Diganta Kalita criticised APCC president) । কমলপুৰ সমষ্টিৰ বৰুৱাজানী গাঁৱত এটি কংক্ৰিটৰ ইটা বনোৱা উদ্যোগ উদ্বোধন কৰি বিধায়ক দিগন্ত কলিতাই কয় যে, কংগ্ৰেছে দলটোক বিক্ৰী কৰাৰ চিন্তা কৰে ।

বাইহাটা চাৰিআলি, 26 ছেপ্টেম্বৰ: বিজেপি দল দুটা ফৈদত বিভক্ত হোৱা বুলি ভূপেন বৰাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই (MLA Diganta Kalita criticised Congress)। বিধায়ক কলিতাই কয় যে, কংগ্ৰেছ দলৰ বিধায়কৰ এটা কথা আৰু সভাপতিৰ আন এটা কথা । বৰ্তমান কংগ্ৰেছ দলৰ বিধায়কৰ ওপৰতে বিশ্বাস নাই সভাপতিৰ । সেয়ে এনেধৰণৰ কথা কয় বুলি তেওঁ মন্তব্য় কৰে ।

ভূপেন বৰাক উভতি ধৰিলে বিধায়ক দিগন্ত কলিতাই

আনহাতে,চিন্তন শিৱিৰৰ ওপৰত ভূপেন বৰাই কৰা (MLA Diganta Kalita criticised Bhupen Bora) মন্তব্যতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক দিগন্ত কলিতাই । ভূপেন বৰাৰ চিন্তাধাৰা পাপীৰ পিঠাত মনৰ দৰে বুলি তেওঁ কটাক্ষ কৰে । ইপিনে, বিধায়কগৰাকীয়ে বিধায়ক অখিল গগৈকো সমালোচনা কৰে ।

কমলপুৰ সমষ্টিৰ বৰুৱাজানী গাঁৱত এটি কংক্ৰিটৰ ইটা বনোৱা উদ্যোগ উদ্বোধন কৰি বিধায়ক দিগন্ত কলিতাই কয় যে, কংগ্ৰেছে দলটোক বিক্ৰি কৰাৰ চিন্তা কৰে । পঞ্চায়ত সভাপতি পাতিলে ৩ লাখ, জিলা পৰিষদ পাতিলে ১০ লাখ টকা লোৱাৰ কথা চিন্তা কৰে বুলিও কয় বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক:ভূপেন বৰাক উভতি ধৰিলে মন্ত্রী পীযুষ হাজৰিকাই

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.