Medicine price hike : দৰবৰ পুনৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে সৰ্বসাধাৰণক

author img

By

Published : Jul 25, 2022, 7:51 PM IST

Medicine price hike

দৰবৰ মূল্য ১০.৭৭ শতাংশ বৃদ্ধি কৰা হৈছে যদিও ভালেকেইটা দৰবৰ মূল্য ১২-১৪ শতাংশৰপৰা ২০ শতাংশ পর্যন্ত বৃদ্ধি কৰা হৈছে । আনকি কোনোটো দৰবৰ মূল্য যোৱা তিনি মাহত দুবাৰকৈ বৃদ্ধি কৰা হৈছে (Medicine price hike) ।

গুৱাহাটী, ২৫ জুলাই : শেহতীয়াকৈ দৰবৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ ওপৰত পুনৰ ৰামটাঙোন শোধাইছে (Medicine price hike paid obeisance to general people)। সাধাৰণ জ্বৰৰপৰা আৰম্ভ কৰি হৃদৰোগ, উচ্চ ৰক্তচাপ, ছালৰ ৰোগ, বিষনাশক, এণ্টিবায়টিকছ আদিৰ দৰে অত্যাৱশ্যকীয় দৰবৰ মূল্য ১০ শতাংশৰো অধিক বৃদ্ধি পোৱাৰ ফলত ৰোগৰ চিকিৎসা অধিক ব্যয়বহুল হৈ পৰিছে ।

তাৎপর্যপূৰ্ণভাৱে যোৱা আঠ বছৰত দৰবৰ মূল্যবৃদ্ধি গড়ে ২.৫ শতাংশ আছিল যদিও যোৱা পহিলা এপ্ৰিলৰপৰা কাৰ্যকৰী হোৱাকৈ নেচনেল ফার্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে এনেবোৰ অত্যাৱশ্যকীয় দৰবৰ মূল্য ১০.৭৭ শতাংশ বৃদ্ধি কৰে (National Pharmaceutical Pricing Authority increases price of essential medicine) । এই দৰববোৰ এইবাবেই অত্যাৱশ্যকীয় শ্রেণীত ৰখা হৈছে যাতে সেইবোৰ সুৰক্ষিত, কাৰ্যকৰী আৰু স্বাস্থ্যৰ বাবে অধিকাংশ জনতাই ব্যৱহাৰ কৰে ।

তাৎপর্যপূর্ণভাৱে দৰবৰ মূল্য ১০.৭৭ শতাংশ বৃদ্ধি কৰা হৈছে যদিও ভালেকেইটা দৰবৰ মূল্য ১২-১৪ শতাংশৰপৰা ২০ শতাংশ পর্যন্ত বৃদ্ধি কৰা হৈছে । আনকি কোনোটো দৰবৰ মূল্য যোৱা তিনি মাহত দুবাৰকৈ বৃদ্ধি কৰা হৈছে । খুচুৰা দৰব বিক্ৰেতাৰপৰা লাভ কৰা তথ্য মতে, ভেঁকুৰজাতীয় সংক্রমণত (Fungal Infection) ব্যৱহৃত ফুক’নাজলা ১৫০/২০০ মিলিগ্রাম দৰবৰ মূল্য ২০ শতাংশ বৃদ্ধি পাইছে । সেইদৰে অ’ পি টি ভেকচিনৰ মূল্য যোৱা তিনি মাহত বৃদ্ধি হৈছে ১৫ শতাংশ ।

গৰ্ভধাৰণৰ বাবে ব্যৱহাৰ হোৱা গেনাউ ট্রপিন এইচ চিৰ মূল্যও ১৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে (Medicine price use for pregnancy increased 14 per cent) । এণ্টিবায়'টিক ব্যৱহাৰ কৰা বিভিন্ন দৰবৰ মূল্যও চৰকাৰে বান্ধি দিয়া সীমাতকৈও অধিক বৃদ্ধি পাইছে । উদাহৰণস্বৰূপে লিভ'ক্সাচিন টেবলেটৰ মূল্য বৃদ্ধিৰ হাৰ হৈছে ১২.৪ শতাংশ । আনহাতে, অগমেন্‌টিন ৬২৫ টেবলেটৰ দাম বৃদ্ধি পাইছে ১০.৭৬ শতাংশ, এজিথ্র 'মাইচিন, ছেফিক্স ২০০ আদিৰ দৰে এণ্টিবায়'টিকৰ দাম ১১ শতাংশ পর্যন্ত বৃদ্ধি পাইছে ।

উল্লেখ্য, এজিথ্র’মাইচিনৰ দাম যোৱা এপ্ৰিলৰপৰা জুলাই পর্যন্ত দুবাৰকৈ বৃদ্ধি পাইছে (Prices of azithromycin increased twice from April to July) । জীৱনদায়িনী দৰবৰূপে গণ্য কৰা ডেক্সনা টেবলেটৰ মূল্য ১০.৩৫ শতাংশলৈ বৃদ্ধি পাইছে । পি ডি/ ডি এছ / আৰ এল আদি বিভিন্ন প্ৰকাৰৰ চেলাইন এতিয়া ১১ শতাংশ অধিক খৰচী হৈ পৰিছে । উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগত ব্যৱহাৰ কৰা বিভিন্ন দৰবৰ মূল্য পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে । উচ্চ ৰক্তচাপ (বিভিন্ন ধৰণৰ মলিকিউল) দৰবৰ মূল্য ১১-১৫ শতাংশ অধিক হৈছে ।

সেইদৰে বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা বিভিন্ন প্ৰকাৰৰ ইনছুলিন এতিয়া অধিক খৰচী হৈ পৰিছে (Insulin used to control diabetes becoming more expensive) । উদাহৰণস্বৰূপে মেটফমিন (সকলো বৰ্গৰ) মূল্য ৩-৫ শতাংশলৈ বৃদ্ধি পাইছে । বিভিন্ন প্ৰকাৰৰ ভিটামিনৰ মূল্যও আঠ শতাংশৰপৰা ১৪ শতাংশলৈ বৃদ্ধি পাইছে । নতুন দাম নিৰ্ধাৰণ হোৱাৰ পাছত শ্বেলকেল ৫০০ৰ মূল্য ১৪ শতাংশ, মাল্টিভিটামিন ভিট-থ্ৰীৰ মূল্য ১৪ তাংশ আৰু ভিটামিন চি লিমচি টেবলেটৰ মূল্য ৮.৫৫ শতাংশ বৃদ্ধি পাইছে ।

ধনুষ্টংকাৰ ৰোগৰপৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা টিটেনাছ টক্সাইড চমুকৈ টি টি বেজীৰ মূল্য ১১ শতাংশ খৰচী হৈ পৰিছে । বৃক্কৰ ৰোগৰ চিকিৎসাত বহুলভাৱে ব্যৱহাৰ হোৱা কেট স্ক্রিল/ কেট’ আদি দৰবৰ মূল্যও ১৪ শতাংশ পর্যন্ত বৃদ্ধি পাইছে । সেইদৰে বমি বন্ধ কৰিবলৈ ব্যৱহাৰ কৰা অনডামছেট্রন টেবলেটৰ মূল্য ৮.৫ শতাংশ, সাধাৰণ জ্বৰত ব্যৱহাৰ কৰা পেৰাচিটামল টেবলেটৰ মূল্য দুই শতাংশ আৰু হাঁপানী ৰোগত ব্যৱহাৰ কৰা টেবলেটৰ মূল্য তিনি শতাংশলৈ বৃদ্ধি পাইছে ।

জ্বৰ, মূৰৰ বিষত এণ্টিবায়'টিক বা চর্দি, এলাৰ্জীৰ দৰে বেছিভাগ দৰব আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ । বহু সময়ত চিকিৎসকৰ পৰামৰ্শ অবিহনে পেৰাচিটামল বা পেইনকিলাৰৰ দৰে দৰব সেৱন কৰি বহু লোকে ৰোগৰপৰা উপশম লাভ কৰে । দৈনন্দিন জীৱনত ব্যৱহৃত এই দৰবৰ মূল্য বৃদ্ধি পোৱাৰ ফলত সাধাৰণ মানুহৰ বাবে দুশ্চিন্তা হৈ পৰিছে ।

লগতে পঢ়ক :UP man dies of snake bite: অলৌকিক পন্থাৰে জীয়াই তোলাৰ চেষ্টা মৃত ব্যক্তিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.