ৰঙিয়াৰ স্পৰ্শ হাস্পতালৰ আৱাসগৃহত ভয়াৱহ অগ্নিকাণ্ড

author img

By

Published : Oct 19, 2021, 8:57 AM IST

massive-fire-at-the-hostel-of-sparsh-hospital

ৰঙিয়াৰ স্পৰ্শ হাস্পতাল(Sparsh Hospital)ৰ আৱাস গৃহ(Hostel)ত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত ৷ চিলিণ্ডাৰৰ বিজুতি ঘটি অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ চিকিৎসালয় কৰ্তৃপক্ষৰ ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷

ৰঙিয়া, 19 অক্টোবৰ : ৰঙিয়া নগৰত অৱস্থিত স্পৰ্শ হাস্পতাল(Sparsh Hospital)ৰ আৱাসগৃহ(Hostel)ত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড(Fire Incident) ৷ আৱাস গৃহটোৰ অট্টালিকাৰ এটা কোঠালীত সংঘটিত হোৱা এই ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ভষ্মীভূত হয় লক্ষাধিক টকাৰ সা-সামগ্ৰী ৷ লগতে হাস্পতালখনৰ ৰোগীসকলৰ বাবে প্ৰস্তুত কৰা আহাৰবোৰো বিনষ্ট হয় ৷

স্পৰ্শ হাস্পতালৰ হোষ্টেলত ভয়াৱহ অগ্নিকাণ্ড

জানিব পৰা মতে, ৰোগীসকলৰ বাবে স্পৰ্শ হাস্পতালৰ কৰ্মচাৰীয়ে নিশাৰ আহাৰ বনাই থকাৰ সময়তে জুইৰ সূত্ৰপাত ঘটে । চিলিণ্ডাৰৰ বিজুতি ঘটি এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাচতে হাস্পতালখনৰ কৰ্মচাৰীসকলে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা কৰে ৷

অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে অট্টালিকাটোৰ ভিতৰত থকা লোকসকল ৷ নিমিষতে জুইৰ ধোঁৱাই চাৰিওফালে ছানি ধৰাৰ পাচতে হুৱা-দুৱা লাগি পৰে স্থানীয় ৰাইজৰ মাজত ৷ ইয়াৰ পাচতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : মেৰাপানীত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.