প্ৰয়াত কবি-অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ 51 সংখ্যক ওপজা দিন উদযাপন

author img

By

Published : Sep 13, 2021, 10:08 PM IST

late-poet-engineer-prashanta-biswa-sharmas-51st-birth-anniversary-celebration

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ তথা এগৰাকী মননশীল কবি, খনন অভিযান্ত্ৰিক বিজ্ঞান বিভাগৰ দক্ষ অভিযন্তা, সাহিত্যৰ নীৰৱ সাধক প্ৰশান্ত বিশ্ব শৰ্মা তেখেতৰ উপজা দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিলে জাতীয় আদৰ্শ শিক্ষা সংসদ আৰু পৰিয়ালবৰ্গই ৷ সাহিত্যৰ নীৰৱ সাধক গৰাকীৰ 51 সংখ্যক উপজা দিনটোত কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত হয় এক বিশেষ অনুষ্ঠান ৷

গুৱাহাটী,13 ছেপ্টেম্বৰ : 2017 চনৰ 13 আগষ্টত অসমবাসীয়ে হেৰুৱাইছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ তথা এগৰাকী মননশীল কবি, খনন অভিযান্ত্ৰিক বিজ্ঞান বিভাগৰ দক্ষ অভিযন্তা, সাহিত্যৰ নীৰৱ সাধক প্ৰশান্ত বিশ্ব শৰ্মাক ৷ সকলোকে শোকৰ সাগৰত এৰি আমাৰ মাজৰ পৰা আঁতৰি গৈছিল প্ৰচুৰ মেধাসম্পন্ন এইগৰাকী ব্যক্তি ৷ স্বাভাৱিকতে এনে এগৰাকী ব্যক্তিত্বসম্পন্ন ব্যক্তিৰ মৃত্যুৱে শূন্যতাৰ সৃষ্টি কৰিছিল কাব্য-সাহিত্যৰ জগতটো ৷

প্ৰয়াত কবি-অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ 51 সংখ্যক ওপজা দিন উদযাপন

বহুমুখী প্ৰতিভাৰ এইগৰাকী মহান ব্যক্তিৰ 51 সংখ্যক ওপজা দিনটোত সোমবাৰে জাতীয় আদৰ্শ শিক্ষা সংসদ আৰু পৰিয়ালবৰ্গই গুৱাহাটীত "কবিতাৰ দিন " হিচাপে এক অনুষ্ঠান পালন কৰি তেখেতৰ স্মৃতিক শ্ৰদ্ধাৰে সোঁৱৰে ৷ কলাক্ষেত্ৰৰ শ্ৰীমন্ত মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটিৰ লগত সংগতি ৰাখি "অসমৰ খনিজ সম্পদৰ সদ ব্যৱহাৰৰ সম্ভাৱনা' শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে গুৱাহাটী IIT ৰ ৰসায়ন প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অনুগ্ৰহ সিঙে ৷

লগতে বক্তৃতা প্ৰদান কৰে ভাৰতীয় তেল নিগমৰ মুখ্য গৱেষক চালেমা ইয়ংডোৱে ৷ ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কবিৰ কবিতা পাঠ অনুষ্ঠানটিৰ সঞ্চালনা কৰে বিশিষ্ট কবি নীলিম কুমাৰে ৷ আনহাতে স্মাৰক বক্তৃতা অনুষ্ঠানটিৰ পৌৰহিত্য কৰে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৷

উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম সাহিত্য সভাৰ উপ সভাপতি তথা প্ৰয়াত প্ৰশান্ত বিশ্ব শৰ্মাৰ মাতৃ মৃণালীনী দেৱী, বিধায়ক পৰমানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা আদিকে ধৰি সাহিত্য ক্ষেত্ৰৰ লগত জড়িত ভালেকেইজন লোক উপস্থিত থাকে ৷ প্ৰয়াত কবি-অভিযন্তা প্ৰশান্ত বিশ্ব শৰ্মাৰ 51 সংখ্যক ওপজা দিন উপলক্ষে কলাক্ষেত্ৰত অনুষ্ঠিত হয় কবিতা পাঠ-স্মাৰক বক্তৃতানুষ্ঠান ৷

লগতে পঢ়কঃ বৰ্তমানেও পলাতক মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.