এটা পথ বেদখলক লৈ ৰঙিয়াত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Sep 16, 2022, 5:52 PM IST

local people tried to occupied gov road

এটা পথ বেদখলক লৈ ৰঙিয়াৰ ১ নং ৱাৰ্ডৰ তেতেলীগুৰীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(Heated situation over road encroachment ) । এগৰাকী স্থানীয় ব্যক্তিয়ে বিনা অনুমতিত পথৰ ব্লক উঠাই পকী দেৱাল নিৰ্মাণ কৰাক লৈ বাধা প্ৰদান কৰোতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

ৰঙিয়া,১৬ ছেপ্টেম্বৰ: ৰঙিয়াত উত্তপ্ত পৰিস্থিতি(Heated situation over road encroachment ) । এটা পথ বেদখল কৰাক লৈ বৃহস্পতিবাৰে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ । প্ৰাপ্ত অভিযোগ অনুসৰি, ৰঙিয়াৰ ১ নং ৱাৰ্ডৰ তেতেলীগুৰী পথৰ অন্তৰ্গত চৰকাৰী পথটোৰ কাষতেই নিজা মাটি থকা বিক্ৰম সিং লহকৰ নামৰ লোকজনে কোনো অনুমতি নোহোৱাকৈ চৰকাৰী পথটোৰ ব্লক সমূহ উঠাই লৈ যায় । পথটোৰ প্ৰায় ৭ ফুট ৰাস্তা তেওঁৰ ম‍্যাদি মাটিৰ ওপৰত থকা বুলি দাবী কৰি ব‍্যক্তিজনে পথটোৰ ওপৰতেই এখন পকী বেৰ নিৰ্মাণ আৰম্ভ কৰে ।

ঘটনাটো প্ৰত‍্যক্ষ কৰি স্থানীয় লোকসকল উক্ত স্থানত একগোট হয় আৰু ব‍্যক্তিজনক নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ কয় । কিন্তু ব‍্যক্তিগৰাকী ৰাইজৰ হকাবাধা নামানি নিৰ্মাণ অব‍্যাহত ৰাখে । ইয়াৰ পিছত স্থানীয় ৰাইজে পৌৰসভাক বিষয়টো অৱগত কৰাত ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰকে আদি কৰি পৌৰসভাৰ বিষয়া আৰু কৰ্মচাৰীৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা মণ্ডল ঘটনাস্থলীত উপস্থিত হয় ।

এটা পথ বেদখলক লৈ ৰঙিয়াত উত্তপ্ত পৰিস্থিতি

চৰকাৰী বিষয়া কৰ্মচাৰীয়েও লোকজনক নিৰ্মাণ কাৰ্যত বাধা দিয়ে যদিও চৰকাৰী বিষয়াৰ কথাত কোনোধৰণৰ গুৰুত্ব নিদি ব‍্যক্তিগৰাকী নিজৰ মতত অটল হৈ থাকে । লাহে লাহে পৰিস্থিতি উত্তপ্ত হৈ পৰাত ৰঙিয়া আৰক্ষীক বিষয়টো সন্দৰ্ভত অৱগত কৰা হয় । পিছত আৰক্ষীয়ে হস্তক্ষেপ কৰি বিক্ৰম সিং লহকৰক ৰঙিয়া আৰক্ষী থানালৈ লৈ যায়(Rangia Police Station) ।

উল্লেখযোগ্য যে উক্ত পথটো স্থানীয় লোকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ পথ । কাৰণ অঞ্চলটোৰ ৰাইজে যাতায়তৰ বাবে একমাত্ৰ এই পথটোৱেই বছৰ বছৰ ধৰি ব‍্যৱহাৰ কৰি আহিছে ।

লগতে পঢ়ক: হঠাতে জয়া কলিতা সন্দৰ্ভত নৰম বিজেপিৰ সভাপতি ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.