চাইবাৰ অপৰাধীৰ জালত অৱসৰপ্ৰাপ্ত শিক্ষক, একাউণ্টৰ পৰা ৬ লাখ টকাৰ হৰলুকি

author img

By

Published : Sep 16, 2022, 3:24 PM IST

Hackers

ৰঙিয়াত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা ৬ লাখ টকা লুটি নিলে চাইবাৰ অপৰাধীয়ে (Cyber fraud robbed of Rupees 6 lakh)। গম নোপোৱাকৈয়ে বেংক একাউণ্টৰ পৰা দুষ্টচক্ৰই উলিয়াই নিলে ধন । লোকজনৰ একাউন্টত ২ লাখ ৪৫ হাজাৰ টকাৰ ঋণলৈও পইচা উলিয়াই নিয়ে দুষ্টচক্ৰটোৱে ।

ৰঙিয়া, ১৬ ছেপ্টেম্বৰ : অসমত প্ৰায় প্ৰতিদিনে বহু লোক চাইবাৰ অপৰাধীৰ জালত পৰিছে (Cyber crime incident in Assam)। চাইবাৰ অপৰাধীয়ে ৰাজ্যখনৰ বহু লোকৰ পৰা লাখ লাখ টকা প্ৰৱঞ্চনা কৰি লৈ গৈছে । এইবাৰ ৰঙিয়াত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক চাইবাৰ অপৰাধীৰ জালত পৰিল (Rangia retired teacher in trap of cyber criminals)। অপৰাধীয়ে লোকজনৰ পৰা লুটি নিলে প্ৰায় ৬ লাখ টকা । এই কথা গম পোৱাৰ পাছতে মূৰে কপালে হাত দিছে লোকজনে ।

এই ঘটনা ৰঙিয়াৰ ভৈয়ৰাৰ । প্ৰাপ্ত তথ্য অনুসৰি ভুক্তভোগী লোকজন হৈছে পুৱ কণিহা ভৈয়ৰা প্ৰথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জাকিৰ হুছেইন । শিক্ষকগৰাকীয়ে সাঁচতীয়া ধনবোৰ নতুন গৃহ নিৰ্মাণৰ বাবে ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাত জমা ৰাখিছিল । কিছুদিন পূৰ্বে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে বেংকৰ বহীত শেহতীয়া লেন-দেনৰ তথ্য পৰীক্ষা কৰিছিল ।

চাইবাৰ অপৰাধীৰ জালত অৱসৰপ্ৰাপ্ত শিক্ষক

বহীটো পৰীক্ষা কৰাৰ লগে লগে অবাক হৈ পৰে লোকজন । কিয়নো তেওঁৰ একাউণ্টৰ পৰা ইতিমধ্যে এক বৃহৎ পৰিমাণৰ ধন নোহোৱা হৈছে । তিনিটা দিনৰ ভিতৰত ৬ লাখ টকা হৰলুকি হোৱাত এতিয়া বিবুদ্ধিত পৰিছে লোকজন ।

ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ 10958289395 নম্বৰৰ একাউণ্টৰ পৰা ১৯ বাৰকৈ লেনদেনৰ জৰিয়তে তিনিদিনৰ ভিতৰত চাইবাৰ অপৰাধীয়ে লুটি নিয়ে ৬ লাখকৈ টকা । কেৱল এয়াই নহয় ২০ আগষ্টত লোকজনৰ একাউন্টত ২ লাখ ৪৫ হাজাৰ টকাৰ ঋণলৈও পইচা উলিয়াই নিয়ে দুষ্টচক্ৰটোৱে । নিজৰ কষ্টৰ ধন এনেদৰে দুষ্টচক্ৰই লুটি লৈ যোৱাত অসহায় হৈ পৰিছে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী । আৰক্ষী আৰু বেংক কৰ্তৃপক্ষৰ কাষ চাপিছে যদিও তেওঁলোকৰ পৰা কোনো সঁহাৰি পোৱা নাই লোকজনে ।

লগতে পঢ়ক :ৰাজপথত অ’পেন ফায়াৰিং; মাষ্টাৰ মাইণ্ডসহ তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.