নিৰ্বাচনী প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন; প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰতিবাদ গঞা ৰাইজৰ

author img

By

Published : Oct 18, 2021, 5:09 PM IST

protest against BTR chief Pramod Boro

ৰঙিয়াৰ খন্দিকৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ধৰ্ণা । নিৰ্বাচনৰ পূৰ্বে দিয়া আশ্বাস পূৰণ নকৰাত ৰাজপথলৈ উলাই আহি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে স্থানীয় পুৰুষ-মহিলাই । বিটিআৰ প্ৰধান প্ৰমোদ বড়ো মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে খন্দিকৰৰ ৰাইজে ৷

ৰঙিয়া, 18 অক্টোবৰ : ৰঙিয়াৰ খন্দিকৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে ধৰ্ণা । নিৰ্বাচনৰ পূৰ্বে দিয়া আশ্বাস পূৰণ নকৰাত ৰাজপথলৈ উলাই আহি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে স্থানীয় পুৰুষ-মহিলাই । বিটিআৰ প্ৰধান প্ৰমোদ বড়ো মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে খন্দিকৰৰ ৰাইজে ৷

ৰাইজৰ অভিযোগ অনুসৰি, ৰঙিয়া সমীপৰ বিটিআৰৰ অন্তৰ্গত খন্দিকৰৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জলা-কলা খুৱাইছে ৰাইজক ৷ কেৱল এইখন দলঙেই নহয়, আন কেইবা ঠাইটো আছে এনে জৰাজীৰ্ণ বাঁহৰ দলং তথা সাঁকো ৷ তদুপৰি ৰাইজে সদৰী কৰা মতে, খন্দিকৰৰ মূল পথটোৰ অৱস্থাও অতি বেয়া ৷ ঠায়ে ঠায়ে চিঙি গৈছে পথটো ।

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰতিবাদ গঞা ৰাইজৰ

লগতে পঢ়ক: নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড

বিধ্বস্ত দলংখনেৰে অহা-যোৱা কৰোতে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে বুলি সদৰী কৰিছে স্থানীয় লোকে । ইফালে অনুন্নত যাতায়ত ব্যৱস্থাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হৈছে খন্দিকৰৰ বাসিন্দা সকল ৷

ৰাইজে পথটোৰ লগতে বাঁহৰ দলং কেইখন পকী কৰিবৰ বাবে বহুবাৰ বিভাগীয় কৰ্তপক্ষক দাবী জনাইছিল ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাতায়ত ব্যৱস্থা সুচল কৰি তোলাৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ গঞা ৰাইজ ।

অভিযোগ অনুসৰি নিৰ্বাচনৰ পূৰ্বে ইউপিপিএল দলে পথ আৰ দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও ফুটুকাৰ ফেনত পৰিণত হৈছে । গতিকে অতি শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰাৰ লগতে পথটো পুনৰ নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা উন্নত কৰি তুলিবলৈ দাবী জনাইছে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক: মাজুলীত কাতি বিহুক লৈ ব্যাপক প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.