এইবাৰ হালধি খেতিত উদ্ধাৰ হ’ল গাঞ্জা

author img

By

Published : Sep 23, 2022, 2:00 PM IST

Ganja seized from Hajo

বৃহস্পতিবাৰে নিশা হাজো আৰক্ষীয়ে অভিযান চলাই হালধি খেতিৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে (Ganja seized from Hajo) ৷ জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ ২৫ কেজি বুলি জানিব পৰা গৈছে ৷

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ: ৰাজ্যখনত নিষিদ্ধ ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান(Anti drugs mission by Assam police)৷ এনে কঠোৰ অভিযানৰ মাজতো একাংশ সৰবৰাহকাৰীয়ে চলাই আছে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় । শেহতীয়াকৈ বৃহস্পতিবাৰে নিশা হাজো আৰক্ষীয়ে অভিযান চলাই হালধি খেতিৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰে (Ganja seized from Hajo) ৷

এক গোপন সূত্ৰৰ পম খেদি হাজো আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই হাজোৰ উখুৰাৰ পানীখাইতি অঞ্চলৰ বাসিন্দা আকবৰ আলীৰ ঘৰত অভিযান চলাই ঘৰৰ পিছফালৰ হালধি খেতিৰ মাজৰ পৰা লুকুৱাই থোৱা অৱস্থাত বস্তাই বস্তাই গাঞ্জা উদ্ধাৰ কৰে । জব্দকৃত গাঞ্জাখিনিৰ পৰিমাণ ২৫ কেজি বুলি জানিব পৰা গৈছে ৷

এইবাৰ হালধি খেতিত উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ গাঞ্জা

অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও দুবাৰকৈ হাজো আৰক্ষীযে গাঞ্জা সহিতে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আকবৰ আলীক ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে (Assam police anti narcotic movement) ৷

লগতে পঢ়ক: মৰেল পুলিচগিৰি; যুৱকক প্ৰহাৰ কৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.