Fake Military ID at Rangia : সেনাবাহিনীৰ ভুৱা পৰিচয় পত্ৰ দেখুৱাই ৰঙিয়া আৰক্ষীৰ জালত চাৰি যুৱক

author img

By

Published : Jan 23, 2023, 5:09 PM IST

Fake Military ID at Rangia

সেনা জোৱানৰ ভুৱা পৰিচয়পত্ৰ ব্যৱহাৰ কৰি ৰঙিয়া আৰক্ষীৰ জালত পৰিল চাৰিজন যুৱক (Fake Army arrested at Rangia))৷ যুৱককেইজনে ব্যৱহাৰ কৰি থকা দুখনকৈ বিলাসী বাহনৰ কোনো নথি-পত্ৰ নথকা বিষয়টোৱেও অধিক ৰহস্যৰ অৱতাৰণা কৰিছে ৷

ৰঙিয়া আৰক্ষীৰ জালত চাৰি যুৱক

ৰঙিয়া, 23 জানুৱাৰী : ৰঙিয়াত গ্ৰেপ্তাৰ কৰা হ’ল ভুৱা সেনা জোৱানক (Fake Army arrested at Rangia)৷ সেনাবাহিনীৰ নকল পৰিচয় পত্ৰ ব্যৱহাৰ কৰি বিভিন্ন সুবিধা আদায়ৰ চেষ্টা কৰি অহা যুৱককেইজনক দেওবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৰঙিয়া আৰক্ষীয়ে ৷ বিশেষকৈ টোলগেটত দিবলগীয়া টোল কৰৰ পৰা ৰেহাই পাবলৈ এনেধৰণে ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰ কৰা বুলি ধাৰণা কৰিছে আৰক্ষী ৷

দেওবাৰে নিশা আন দিনাৰ দৰেই ৰঙিয়া আৰক্ষী থানাৰ এটা দলে টহল দিবলৈ বুলি ওলাই যোৱাৰ পৰতে ৰঙিয়া ৰে’লৱে ষ্টেচনত(Rangiya Junction) দুখন সন্দেহজনক গাড়ী দেখা পায় ৷ সন্দেহ অনুসৰি ৰঙিয়া আৰক্ষী গাড়ী দুখনলৈ কাষলৈ যায় আৰু গাড়ী দুখনৰ ভিতৰত চাৰিজন যুৱকক প্ৰত্যক্ষ কৰে ৷ যুৱক চাৰিজনক আৰক্ষীৰ লোকে সোধপোচ কৰাত এজন যুৱকে নিজকে সেনা জোৱান বুলি চিনাকি দিয়ে ৷

ইয়াৰোপৰি যুৱকজনে সেনাৰ পৰিচয় পত্ৰও দেখুৱাই ৰঙিয়া আৰক্ষীক ৷ কিন্তু আৰক্ষীৰ মনত সন্দেহ ওপজাত থানালৈ লৈ যায় যুৱক কেইজনক ৷ থানালৈ লৈ যোৱাৰ পাচতে আৰক্ষী ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ(Red Horns Division of Indian Army) কাষ চাপি পৰিচয় পত্ৰখন পৰীক্ষা কৰাত নিশ্চিত হয় যে, উক্ত পৰিচয়পত্ৰখন নকল (Fake Military ID at Rangia)৷

উল্লেখ্য যে, যুৱক চাৰিজনে ব্যৱহাৰ কৰা বিলাসী বাহন দুখনৰ এখন হাৰিয়ানাত পঞ্জীয়ন কৰা আৰু আনখন দিল্লীত পঞ্জীয়ন কৰা ৷ বাহন দুখনৰ এখন DL2CAT2299 নম্বৰৰ অ'ডি আৰু আনখন HR51AU1315 নম্বৰৰ ৰেণল্ট কোম্পানীৰ ব্যয়বহুল বাহন ৷ আনহাতে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা যুৱককেইজন হ’ল ক্ৰমে হাৰিয়ানাৰ হিচাৰ জিলাৰ নবিন কুমাৰ (২৭) , স্বৰজিৎ (৩২) , জিন জিলাৰ জীৱন (২৫) আৰু মনু শৰ্মা (২৮) ৷

তদুপৰি আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ কোনো নথি-পত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই যুৱককেইজনে ৷ ইয়াকে লৈও সন্দেহ ওপজিছে বহুতৰ মনত ৷ ভুৱা পৰিচয় পত্ৰৰে নিজকে সেনা জোৱান বুলি চিনাকি দি নথি-পত্ৰবিহীন বাহন লৈ চলা-ফুৰা কৰি থকা যুৱক চাৰিজন গাড়ীচুৰি চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে ৷ অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই ৷

যুৱককেইজনৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ কি উদ্দেশ্য়ত যুৱককেইজনে সেনাবাহিনীৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰি নথি-পত্ৰবিহীন বাহন ব্যৱহাৰ কৰিছিল সেই ৰহস্য তদন্ত প্ৰক্ৰিয়াৰ অন্ততহে পোহৰলৈ আহিব ৷ গণৰাজ্য দিৱসৰ(Republic Day 2023) প্ৰাকক্ষণত ৰঙিয়াৰ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Ryanair flight lands safely after bomb scare : এথেন্স বিমানবন্দৰত বোমাতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.